তিনিচুকীয়াৰ জাগুন আৰু অৰুণাচলৰ মেও সংযোগী পথত প্ৰকাণ্ড গছ পৰি এগৰাকী বাইক আৰোহী থিতাতে নিহত।নিহত যুৱক জনৰ নাম খিতিছ হাজং উৰফে ৰাহুল হাজং (৩০)। অন্য হাতে মৃত যুৱক জনৰ লগত অহা সুদ্বীপ বানাইক অতি সংকট জনক অৱস্থাত চিকিৎসা লয়লৈ প্ৰেৰণ। উল্লেখ্য যে জাগুনত আজি বিয়লি প্ৰায় ৩বাজি ৪৫ মিনিটত হঠাৎ অহা এজাক প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিত জাগুন মেও সংযোগী পথত হঠাৎ এজোপা প্ৰকাণ্ড গছ উভালি পৰাত এই হৃদয় বিদাৰক ঘটনা সংগঠিত হয়। জানিব পৰা মতে দুয়োৰে ঘৰ জাগুনৰ কথাছেমা গাঁৱত।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া,Ne india news