Thursday, March 30, 2023
HomeAssameseগছপুলি বিতৰণেৰে বিশ্ব পৰিবেশ দিৱসৰ শুভাৰম্ভ কৰিলে পৰিবেশ সুৰক্ষা সমিতি অসমে

গছপুলি বিতৰণেৰে বিশ্ব পৰিবেশ দিৱসৰ শুভাৰম্ভ কৰিলে পৰিবেশ সুৰক্ষা সমিতি অসমে

শুকুৰবাৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ কায্যালয়ৰ সমীপত , পৰিবেশ সুৰক্ষা সমিতি ,তিনিচুকীয়া জিলা সমিতিয়ে ৫জুন বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি বিতৰণৰ এক কায্যসূচী ৰূপায়ন কৰে ।

উল্লেখযোগ্য যে ২০১০ চনৰ ৫ জুন তাৰিখৰ পৰা বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ ,বিতৰণ,সংৰক্ষণ আৰু প্রতিপালনৰ দ্বাৰা বৰ্ষজোৰা কায্যসূচী লৈ আহিছে ।

পূৰ্বৰ দৰেই পৰিবেশ সুৰক্ষা সমিতি অসমে ৫জুন ২০২২ তাৰিখেও বৰ্ষ জোৰা কায্যসূচী লোৱা হব বুলি পৰিবেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই সংবাদ মাধ্যমক জানিব দিয়ে আৰু সেই দিনাৰ কাজুসূচীত এক বিশেষ গীত উন্মোচন কৰা হব বুলিও জানিব দিয়ে ।

উক্ত কায্যসূচীত তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য বৰা ,তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁই, সমাজসেৱক প্ৰকাশ বেদ ,জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ লগতে পৰিবেশ সুৰক্ষা সমিতিৰ বিষয়ববীয়া আৰু বহু গণ্য মান্য ব্যক্তিসকল উপস্থিত আছিল ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments