চাৰিদিনীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা খেল’ মাষ্টাৰ ইণ্ডিয়া নেছনেল চেম্পিয়ন শ্বিপত মাৰ্ঘেৰিটাৰ দুগৰাকীকৈ মহিলাই মুঠ আঠটাকৈ সোণ আৰু চিলভাৰ মেডেল অৰ্জন কৰি মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মাৰ্ঘেৰিটা মাকুমকিল্লাৰ নিবাসী দীপক বড়োৰ পত্নী ৰুণো গগৈ বড়োৱে দুটাকৈ সোণ আৰু এটাকৈ ৰূপৰ মেডেল লাভ কৰাৰ বিপৰীতে মাকুমকিল্লা মতাবিলৰ নিবাসী বিনোদ গোৱালাৰ পত্নী তথা বৰ্ত্ত্মান অসম আৰক্ষীত কৰ্মৰত বিন্দু বাউৰী গোৱালাই সোণৰ এটা চিলভাৰ ২ টা আৰু ব্ৰঞ্জৰ দুটা মুঠ পাচটাকৈ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, মাৰ্ঘেৰিটা মহকুমাটোত যথেষ্ঠ সম্ভাবনাপূৰ্ণ খেলুৱৈ আছে যদিও ষ্টেডিয়াম আৰু প্ৰশিক্ষকৰ অভাৱৰ বাবে আজিও অঞ্চলটো পিছপৰি থকা বুলি ব্যক্ত কৰিছে খেলুৱৈ ৰুণো গগৈ বড়োৱে।
তিনিচুকীয়াৰ পৰা ৰন্টু বৰশইকীয়া ৰিপ’ৰ্ট