Saturday, March 25, 2023
HomeAssameseখাৰুৱা তেল চুৰি চক্ৰৰ সৈতে জড়িত গুৱাহাটীৰ ৰিটেজ শ্ব’গানীক আটক 

খাৰুৱা তেল চুৰি চক্ৰৰ সৈতে জড়িত গুৱাহাটীৰ ৰিটেজ শ্ব’গানীক আটক 

খাৰুৱা তেল চুৰি চক্ৰৰ সৈতে জড়িত গুৱাহাটীৰ ৰিটেজ শ্ব’গানীক আটক 

উজনিত খাৰুৱা তেল চুৰি চক্ৰৰ সৈতে জৰিত গুৱাহাটীৰ ৰিটেজ শ্ব’গানীক আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে।

লাংকাছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটা দলে সোমবাৰে গুৱাহাটীত আটক কৰে ৰিটেজ শ্ব’গানীক ৷

৩০ জুলাইত মাকুম ৰবৰবাৰীত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল পৰিবাহী পাইপত ভেল্ভ সংযোগ কৰি চুৰি কাৰ্য চলাই থাকোতে লাংকাছি আৰক্ষী চকীৰ এটা দলে AS01 BC5425 নম্বৰৰ এখন টেংকাৰ খন জব্দ কৰিছিল।

তাৰ পাছতে আৰক্ষীয়ে চুৰি কাৰ্য সংঘটিত কৰা কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাছিল যদিও আৰম্ভ কৰিছিল তদন্ত ।

খাৰুৱা তেল চুৰি চক্ৰৰ সৈতে জড়িত গুৱাহাটীৰ ৰিটেজ শ্ব’গানীক আটক 

অৱশেষত চুৰিকায্যত ব্যৱহৃত টেংকাৰখনৰ স্বত্বাধিকাৰী গুৱাহাটীৰ ৰিটেজ শ্ব’গানীক গ্ৰেপ্তাৰ কৰি বৰডুবি আৰক্ষী থানাত ১০৭/২২ নম্বৰৰ গোচৰ ৰুজু কৰি মংগলবাৰে আবেলি প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ।

শ্ব’গানীক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে খাৰুৱা তেল চুৰি চক্ৰটোৰ সৈতে জৰিত ব্যক্তিসকলৰ এখন দীঘল তালিকা লাভ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments