Wednesday, May 24, 2023
HomeAssameseখাৰুপেটীয়া অঞ্চলত ধুমুহাৰ তাণ্ডৱ ! ঘৰৰ ওপৰত গছ পৰি আঘাতপ্ৰাপ্ত মাতৃ...

খাৰুপেটীয়া অঞ্চলত ধুমুহাৰ তাণ্ডৱ ! ঘৰৰ ওপৰত গছ পৰি আঘাতপ্ৰাপ্ত মাতৃ কন্যা

খাৰুপেটীয়াৰ বিভিন্ন অঞ্চলত ধুমুহাৰ তাণ্ডৱ ।

উৰুৱাই নিলে ঘৰৰ চালি ।

ঘৰৰ ওপৰত গছ পৰি আঘাতপ্ৰাপ্ত মাতৃ কন্যা ।

ভাঙিল প্ৰকাণ্ড প্ৰকাণ্ড গছ , চিঙিল বিদ্যুতৰ তাঁৰ , উভালি পৰিল বিদ্যুতৰ খুটা ।

শুক্ৰবাৰে মাজ নিশা অহা প্ৰচণ্ড ধুমুহাই খাৰুপেটীয়া অঞ্চলৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি সাধন কৰে । শিলা বৃষ্টিৰ সৈতে অহা কাল ধুমুহাই দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত নিমতলী , ঘনশিমুলী , ভোটপুখুৰী , পুনিয়া , ঘেনামাৰী , নিজ বৰুৱাঝাৰ , কুঁৱৰী পুখুৰী , কামাৰপাৰা , নগজান , বাহাবাৰী আদি গাঁৱত বিস্তৰ ক্ষতি সাধন কৰে । ভোটপুখুৰী গাঁৱৰ হাকিম উদ্দিনৰ পকী ঘৰৰ ওপৰত গছ পৰি গুৰুতৰ ভাৱে আহত হয় মাতৃ কন্যা । ঠাইয়ে ঠাইয়ে উৰুৱাই নিয়ে পকী ঘৰৰ চালি , সম্পূৰ্ণ ৰূপে ভাঙি তচনছ কৰে । যাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে শ শ পৰিয়াল । পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গছ , বিদ্যুতৰ খুটা উভালি পৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে । স্থানীয় ৰাইজে গছ কাটি যাতায়ত ব্যৱস্থা সূচল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে , অঞ্চলটোৰ কৃষক সকলৰ কষ্টপাৰ্জিত পাচলি খেতিৰ লগতে মাকৈ খেতিৰ বিস্তৰ ক্ষতি সাধন হয় । ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী ভুক্তভোগী ৰাইজে ।

পংকজ সৰকাৰ ,মঙ্গলদৈ , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments