খাকি পোচাক ত কলা দাগ ! গ্ৰেপ্তাৰ অ ‘ চি উৎপল বৰা

18

খাকি পোচাক ত কলা দাগ ! গ্ৰেপ্তাৰ অ ‘ চি উৎপল বৰা

খাকি পোচাক ত কলা দাগ এগৰাকী ব্লেক মেইলাৰ আৰক্ষী এতিয়া আৰক্ষীৰেই আলহী হল
জোকৰ মুখতে চুণ । সাধাৰণ লোকৰ ওপৰত ভুৱা গোচৰ জাপি দি হাৰাশাস্তি কৰি আহিছিল এইগৰাকী আৰক্ষী বিষয়াই । নাম উৎপল বৰা । খাৰুপেটিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ।
ভুৱা গোচৰৰ ভয় দেখুৱাই বহু দিনৰ পৰা ধন দাবী কৰি আহিছিল আৰক্ষী বিষয়া উৎপল বৰাই ।
দৰঙৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ থকা অৱস্থাত এগৰাকী চিকিৎসক আৰু শিক্ষকক JJM আঁচনিৰ পাইপ চুৰি কৰা ভুৱা কেচত গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ লাখ টকা দাবী কৰিছিল প্ৰায় এমাহ পুৰ্বে ।
চিকিৎসক আৰু শিক্ষক গৰাকীয়ে উচ্চ আৰক্ষী বিষয়াক সকলো কথা অৱগত কৰোৱাত অসম আৰক্ষীয়ে গোপনে তদন্ত আৰম্ভ কৰিছিল উৎপল বৰাৰ বিৰুদ্ধে
তদন্তত উৎপল বৰাৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ লাভ কৰাত দৰঙ আৰক্ষীয়ে আটক কৰে বিষয়া গৰাকীক । ইতিমধ্যে মঙ্গলদৈ থানা ত উৎপল বৰাক সোধাপোচা অব্যাহত ৰাখিছে ।
১৪৮ /২২ ধাৰাৰ অধীনত মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অ ‘চি উৎপল বৰাক । উৎপল বৰাৰ
মাটিৰ দালালৰ লগত হলি গলি , দুবাৰকৈ বিদেশ ভ্ৰমণ , বিলাসী গাড়ী, অগাধ সা- সম্পত্তিৰ গৰাকী বুলি অভিযোগ উত্থাপন হৈছে ।
অসম আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে
অসম আৰক্ষীৰ খাকি পোচাকত দাগ লগোৱা এই গৰাকী শীৰ্ষ বিষয়াৰ এনে কুকৰ্মই সকলোকে স্তম্ভিত কৰি তুলিছে ।

পংকজ সৰকাৰ, মঙলদৈ, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here