Wednesday, March 29, 2023
HomeAssameseকৰ্নাটকৰ এগৰাকী বিধায়কৰ কাণ্ড ! দেশজুৰি প্ৰতিক্ৰিয়া

কৰ্নাটকৰ এগৰাকী বিধায়কৰ কাণ্ড ! দেশজুৰি প্ৰতিক্ৰিয়া

কৰ্নাটকৰ এগৰাকী বিধায়কৰ কাণ্ড ! দেশজুৰি প্ৰতিক্ৰিয়া

ৰাইজৰ দ্বাৰা নিৰ্বাচিত নেতা বা জনপ্ৰতিনিধিৰ আচাৰ ব্যৱহাৰ কেনে হোৱা উচিত ? এই প্ৰশ্নটো উত্তৰ এতিয়া মুল্যহীন হৈ পৰিছে ভাৰতীয় ৰাজনীতিত । নিৰ্বাচনৰ সময়ত হাত যোৰ কৰি ভোট ভিক্ষা কৰা নেতাই , বিজয়ী হোৱাৰ পিচতে নিজৰ প্ৰকৃত চৰিত্ৰ দেখুৱাবলৈ আৰম্ভ কৰে । সাধাৰণ জনতাক তুচ্চ জ্ঞান কৰি নিজক ভগৱান বুলি ভাবিবলৈ আৰম্ভ কৰে ।
এনে এক ঘটনাই পোহৰলৈ আহিছে কৰ্নাটকৰ পৰা ।
কৰ্নাটকৰ জনতা দলৰ এগৰাকী বিধায়ক এম শ্ৰীনিবাস ।কৰ্নাটকৰ মান্দৱা সমষ্টিৰ এই গৰাকী বিধায়কে নালৱাৰী কৃষ্ণৰাজা মহাবিদ্যালয়ত উপস্থিত হৈ যি কাণ্ড সংঘটিত কৰিলে সেয়া দেখি চকু কপালত উঠিব । মহাবিদ্যালয়খনৰ কম্পিউটাৰ বিভাগত হৈ থকা নিৰ্মাণকাৰ্ষ দেখুৱাবলৈ বিধায়ক গৰাকী লৈ যোৱা সময়তে সংঘটিত হল ঘটনাটো । মহাবিদ্যালয় খনৰ অধ্যক্ষ নাগানন্দক শোধালে পুৰ্ণহতীয়া চৰ ।

অধ্যক্ষ নাগানন্দৰ এটা দোষ আছিল , নিৰ্মাণকাৰ্য সন্ধৰ্ভত বিধায়ক এম শ্ৰীনিৱাসৰ প্ৰশ্ন উত্তৰ সঠিক ভাৱে দিব নোৱাৰাটো । প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিব নোৱাৰাৰ অপৰাধতে সহকৰ্মী সকলৰ সন্মুখতে বিধায়ক চৰম অপমাণিত কৰিলে অধ্যক্ষ নাগানন্দক । এগৰাকী শিক্ষাগুৰু এনেকৈ অপমাণ কৰাটো কিমান যুক্তিসংগত , যদি অধ্যক্ষ গৰাকী নিৰ্মাণকাৰ্যত হেমাহি কৰিছিল , তেতিয়া বিভাগীয় ভাৱে তদন্ত নিৰ্দেশ দিব লাগিছিল । আইন হাতত তুলি লৈ শাস্তি প্ৰদানৰ অধিকাৰ কত পালে জনপ্ৰতিনিধিগৰাকীয়ে । কৰ্নাটকৰ এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।বিধায়ক এম শ্ৰীনিবাসৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিক্ষক সমাজ ।

National news desk, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments