কৰিমগঞ্জ জিলাৰ বানত ক্ষতিগ্ৰস্থ অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্রীৰ
শুক্ৰবাৰে মুখ্যমন্ত্রী কৰিমগঞ্জ জিলাৰ বানত ক্ষতিগ্ৰস্ত শ্ৰীৰামপুৰ গাঁও নাৱেৰে পৰিদৰ্শন কৰে। বন্যাৰ্তসকলৰ সৈতে কথা-বাৰ্তাৰে বিভিন্ন অসুবিধাৰ বুজ লোৱাৰ লগতে জিলাখনৰ উপায়ুক্তক সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰে। পৰিদৰ্শনকালত ১১৪ নম্বৰ ৰামকৃষ্ণ পাঠশালাও পৰিদৰ্শন কৰি বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সৈতে কথা পাতি চৰকাৰৰ পৰ্যাপ্ত সহযোগিতাৰে বিদ্যালয়খন পুনৰ্নিৰ্মাণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। উক্ত পৰিদৰ্শনকালত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ কৃপানাথ মাল্লাৰ লগতে বিধায়কসকল ক্ৰমে ভৱেশ কলিতা, বিজয় মালাকাৰ, কৃষ্ণেন্দু পাল, ছিদ্দিক আহমেদ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ সৈতে উপস্থিত আছিল।
News Desk, Ne India News