কৰিমগঞ্জৰ ৰাতাবাৰীৰ শিংলা নদীৰ পানী বিপদসীমা অতিক্ৰম
কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ শিংলা নদীৰ পানী বিপদসীমাৰ ওপৰে বৈছে। একেধাৰে হৈ থকা বৰষুণৰ ফলত শিংলা নদীৰ পানী প্রতি মুহূর্ততে বাঢ়ি আছে। শিংলা নদীৰ সমীপত থকা পথ, বাসগৃহ দোকান পোহাৰ আদি বানপানীৰ কৱলত পৰিছে। ৰামকৃষ্ণনগৰৰ সংলগ্ন পশ্চিম প্রান্তৰ পল্লীশ্রী, নালাৰপাৰ, ভবানীপুৰ আদি অঞ্চলৰ দিশে শিংলা নদীৰ পানী বিপদসীমাৰ ওপৰে বৈ আছে ।
হীৰক বণিক ,ৰামকৃষ্ণনগৰ, Ne India News