কৰিমগঞ্জৰ বাজাৰিছড়াত মহিলাৰ শ্লীলতা হানিৰ অভিযোগত ৪ মহিলাক আটক

0
942

NE INDIA: কৰিমগঞ্জ জিলাৰ পাথাৰকা‌ন্দি বিধানসভা সম‌ষ্টিৰ বাজা‌ৰিছড়া থানা‌ৰ অন্তৰ্গত কদমতলা পাহা‌ৰী গাওঁ‌ত সংঘ‌টিত হৈছে পাশ‌বিক কা‌ণ্ড । ঘটনা সন্ধৰ্ভত শ‌নিবাৰে চাৰিগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হৈ‌ছে আৰক্ষীয়ে । এতিয়াও পলাতক হৈ আছে বহু কেইজন অভিযুক্ত। ঘটনাৰ বিৱৰণীত প্রকাশ ,স্থা‌নীয় কদমতলা পাহা‌ৰী উপজা‌তি গাওঁ‌ৰ বিধবা ম‌হিলা পূজা চৰাই(৩৫)(পৰিবর্তিত নাম)ৰ স্বামীৰ মৃত্যুৰ পিচত দু‌টা সন্তান‌ক লৈ স্বামীগৃহতে বসবাস ক‌ৰিছিল । সেইগৰাকী ম‌হিলাৰ বিৰুদ্ধে স্থা‌নীয় গাওঁ‌বাসীৰ বহু অভিযোগ । এই ম‌হিলাগৰাকীয়ে বি‌ভিন্ন অসামা‌জিক কা‌মত লিপ্ত আছিল বুলি নাগৰা আৰক্ষীয়ে তেওঁ‌ৰ বিৰুদ্ধে একা‌ধিক গোচৰ ৰুজু কৰিছিল। এইসমুহক লৈ গাওঁ‌ত বিচাৰ সভাও চলিছিল ।  তথাপি প‌ৰিস্থি‌তি স্বাভা‌বিক নোহোৱাত , নিজৰ হা‌তত আইন তু‌লি লয় একাংশ গাওঁ‌বাসীয়ে । খু‌লিছড়া গাওঁ‌ৰ বহুকেইজন ম‌হিলা সহ  যুবকে মি‌লি উক্ত অভিযুক্ত ম‌হিলাৰ ওপৰত আক্ৰমণ চলায়।‌ । শাৰীৰিক  ভা‌বে তেওঁ‌ক প্ৰহাৰ কৰে ।  আন‌কি মহিলা গৰাকীক উলংগ ক‌ৰি গোপন অংগত ভুট জলকীয়া সানি দিছিল ।  এই ঘটনা‌টো সংঘ‌টিত হৈছিল চলিত মা‌হৰ ১০ চেপ্টেম্বৰত ।‌  সেই সমগ্ৰ ঘটনাৰ দৃশ্য মোবাই‌লত ৰেকর্ডিংও কৰে। পিচত সেই ম‌হিলা‌গৰাকীক আক্রমনকা‌ৰী সকলে ভাবুকি দিয়ে যে তেওঁ‌ এইসমুহ লৈ মুখ খুলিলে  বা আৰক্ষীক অভিযোগ দিলে , সম্পুৰ্ণ  ভি‌ডিও‌টো চচিয়েল মি‌ডিয়াত ভাইৰেল ক‌ৰি দিয়া হব । এই ভ‌য়তে উক্ত লা‌ঞ্চিত ম‌হিলাগৰাকীয়ে নীৰব হৈ থাকি সকলো সহ্য ক‌ৰি গৈছিল। কিন্তু ঘটনার তিনি দি‌নৰ ভিতৰতে  ৰেকর্ডিং কৰা বির্ত‌কিত ভি‌ডিওসমুহ বি‌ভিন্ন জ‌নৰ মোবাই‌লত ভাইৰেল হৈ পৰে । সেই লাঞ্চিত মহিলাই লাজে অপমানে নিৰুপায় হৈ নাগৰা আৰক্ষীৰ ইনচার্জ ৰঞ্জিত সিনহাৰ ওচৰ চাপে ।‌ কিন্তু আৰক্ষীয়ে তেওঁ‌ক বিচাৰ কৰি দিবলৈ অস্বীকাৰ ক‌ৰি কয়, তেওঁ‌ বিষয়টো সাংবা‌দিক‌ক জনাওক ।‌ পিচত তেওঁ‌ যোৱা বৃহষ্প‌তিবাৰে ক‌ৰিমগঞ্জ CJM আদাল‌তত উপ‌স্থিত হৈ এই কা‌ন্ডত জড়িত মুঠ ১২ জ‌নক দা‌য়ী ক‌ৰি  শ্লীলতাহা‌নিৰ অভিযোগ আনি গোচৰ ৰুজু ক‌ৰিছে। লগে লগে সজাগ হৈ পৰে প্ৰশাসন। আৰক্ষী চুপাৰ গৌৰব উপাধ্যা‌য়ৰ নি‌র্দে‌শত, গোচৰৰ সুত্র ধ‌ৰি জোৰদাৰ তদ‌ন্তত না‌মি পৰিবলৈ বাধ্য হয় আৰক্ষী ।শুক্রবাৰে নিশা আৰু শ‌নিবাৰে কাহিলি পুৱাই দলবল লৈ দুষ্কৃ‌তি‌কাৰী সকলৰ বিৰুদ্ধে অভিযানৰ নামি পৰে বাজা‌ৰিছড়া থানাৰ ও‌চি গৌতম দাস। পাহা‌ৰী গাওঁ‌ৰ পৰা মুঠ ১৯জন‌ক আটক ক‌ৰি ইয়াৰ মাজৰে ৪ জন‌ক চি‌হ্নিত কৰি বা‌কী সকলক এৰি দিয়া হয় । ধৃত‌ সকলৰ  মাজত আ‌ছে ‌ৰিলি‌নি চৰাই,হৈমন‌তিং চৰাই, জন‌জিৰহৈ চৰাই আৰু তি‌নি‌লি চৰাই না‌মৰ চাৰি গৰাকী জনজা‌তি ম‌হিলা।আৰক্ষীয়ে  ১৭৪/১৮ নম্বৰত গোচৰ নথিভুক্ত ক‌ৰি তদন্ত প্র‌ক্রিয়া‌ৰ গ‌তি ত্বৰাম্বিত কৰিছে।

প্রদীপ্ত পুৰকায়স্থ, কাটিগড়া,Ne india 

LEAVE A REPLY

Please enter your comment!
Please enter your name here