কৰিমগঞ্জত প্ৰতিদিনে বৃদ্ধি পাইছে কৰনা আক্ৰান্তৰ সংখ্যা

0
295

কৰিমগঞ্জত প্ৰতিদিনে বৃদ্ধি পাইছে কৰনা আক্ৰান্তৰ সংখ্যা

ৰাজ্যৰ আন অঞ্চলৰ সমান্তৰালকৈ কৰিমগঞ্জতো ক’ৰোনা আক্ৰান্ত ৰোগীৰ তালিকা দিঘলীয়া হ’বলৈ ধৰিছে । যোৱা মংগলবাৰে জিলাখনত ২৭ গৰাকী লোক ক’ ৰোনাত আক্ৰান্ত হৈছে , আৰু এই তালিকাত এগৰাকী ছবছৰীয়া কনমানি আছে । ইপিনে পাথাৰকান্দি সামুহিক স্বাস্থ্য কেন্দ্ৰৰ মনোজিত সিনহা নামৰ এগৰাকী কম্পিউটাৰ অপাৰেটৰ ক’ৰোনাত আক্ৰান্ত হোৱাৰ বাবে হস্পিটেলত একপ্ৰকাৰ আতংকৰ পৰিবেশে বিৰাজ কৰিছে । মনোজিত সিনহাৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত । ইতিমধ্যে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে হস্পিটেলৰ কম্পিউটাৰ অপাৰেটৰ গৰাকীক । আৰু ছেনিটাইজ কৰা হৈছে গোটেই হস্পিটেল ।

https://youtu.be/aBDEBggt2Ng?t=8

তপন কুমাৰ ৰায় , পাথাৰকান্দি , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here