কৰম পূজা – আদিবাসী সকলৰ জাতীয় উৎসৱ
অসমৰ বৃহত্তৰ জনসংখ্যাৰ এক ষষ্ঠমাংশ, অসমৰ চাহবাগিচা সমূহত কাম কৰা আৰু বাগিচা এলেকাৰ বাহিৰত সংস্থাপন লোৱা প্ৰাক্তন চাহ শ্ৰমিকেৰে গঠিত।
প্ৰায় সকলোৱে জানে, ৰবাৰ্ট ব্ৰুচ আৰু ক্লাৰ্ক আলেকজেণ্ডাৰ ব্ৰুচ নামৰ বৃটিছ ভাতৃদ্বয়ে অসীম ধৈৰ্য্য আৰু সাহসেৰে অসম তথা পাটকাইৰ হাবিত ১৮৩৬ চনত চাহগছ আবিস্কাৰ কৰে।
অসমৰ বৃহত্তৰ জনসংখ্যাৰ এক ষষ্ঠমাংশ, অসমৰ চাহবাগিচা সমূহত কাম কৰা আৰু বাগিচা এলেকাৰ বাহিৰত সংস্থাপন লোৱা প্ৰাক্তন চাহ শ্ৰমিকেৰে গঠিত।
ইতিমধ্যে চাহ বাগিচাৰ কাম সম্প্ৰসাৰণ কৰা হৈছিল । তাৰ বাবে উপযুক্ত শ্ৰমিকৰ প্ৰয়োজন হৈছিল। ১৮৪৩ চনলৈকে চাহ বাগিচা অসমৰ থলুৱা শ্ৰমিকৰ ওপৰতে নিৰ্ভৰশীল আছিল।

কিন্তু স্বাধীনচিতীয়া অভিব্যক্তিৰ অসমীয়া মানুহে বৃটিছৰ তলত কাম কৰিবলৈ ইচ্ছা কৰা নাছিল। তাৰোপৰি সেই সময়ত অসমৰ বেছিভাগ পাইক শ্ৰেণীৰ মানুহ কানিৰ প্ৰতি আসক্ত আছিল। শাৰীৰিক শ্ৰমৰ কঠোৰতাত তেওঁলোক অভ্যস্ত নাছিল ।
এই শ্ৰমিক সকলৰ হাড় গলা শ্ৰমৰ ফলশ্ৰুতিত আজি দুশ বছৰ ধৰি অসমৰ চাহ উদ্যোগ ভাৰত তথা পৃথিৱীৰ ভিতৰতে এক বৃহত উদ্যোগত পৰিণত হৈছে।
Read more–মুল্যবৃদ্ধিঃ চৰকাৰ আৰু বিৰোধীৰ ৰচি টনা খেল
আলেকজেণ্ডাৰ ব্ৰুচে চিঙ্গাপুৰৰ পৰা ১৮৪০ চনত ৭০ জন চীনা শ্ৰমিক অসমলৈ আনিছিল। কিন্তু চীনা শ্ৰমিক বাগিচাৰ কামত পাৰদৰ্শী নাছিল। ১৮৫৯ চনত চাহ খেতি কৰা মাটিৰ পৰিমাণ বৃদ্ধি হৈছিল।
তাৰ পৰিমাণ ২৮৭৩ একৰ আৰু স্থানীয় শ্ৰমিক আছিল ১২৭৪ জন। দেখাদেখিকৈয়ে শ্ৰমিকৰ নাটনি হৈছিল। সেয়ে বৃটিছে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা শ্ৰমিক আমদানি কৰিবলৈ সিদ্ধান্ত লৈছিল ।
ভাৰতৰ যিবোৰ ঠাইত জনসংখ্যা অধিক আছিল আৰু ভূমিহীন লোক কামৰ অভাৱত দাৰিদ্ৰতাত ভুগিছিল, চতুৰ বৃটিছে সেই ঠাইৰপৰা শ্ৰমিক সংগ্ৰহ কৰিবলৈ লৈছিল। উৰিষ্যা, বিহাৰ, মধ্য প্ৰদেশ, চোটানাগপুৰ আদিক লক্ষ্য কৰি কিছুমান এজেন্সী খুলি দিছিল ।

তুচু, কৰম, বাহা, আদি বিভিন্ন উৎসৱ-পৰৱে চাহ বাগিছাৰ সেউজ ভূমি মুখৰিত কৰিছিল।
এই শ্ৰমিক সকলৰ হাড় গলা শ্ৰমৰ ফলশ্ৰুতিত আজি দুশ বছৰ ধৰি অসমৰ চাহ উদ্যোগ ভাৰত তথা পৃথিৱীৰ ভিতৰতে এক বৃহত উদ্যোগত পৰিণত হৈছে । এই উদ্যোগৰ আৰম্ভণিও নাটকীয়ভাৱে আৰম্ভ হৈছিল – ডফলা জনজাতীয় ৰজা, বিছা গামে বৃটিছ বিষয়া কেইজনমানক “ফিনাপ” খুৱাই এদিন এই উদ্যোগৰ শিলান্যাস কৰিছিল। সেয়া অন্য কথা ।
অসমৰ অবিচ্ছেদ্য অংগ আদিবাসীসকলে পৰিব্ৰাজনৰ সময়ত তেওঁলোকৰ বোকোচাত লৈ আহিছিল তেওঁলোকৰ নিজৰ মাটিৰ সুগন্ধ। তেওঁলোকৰ কলা সংস্কৃতিয়ে অসমৰ চাহ বাগিছাতো পোখা মেলে উঠিছিল। তুচু, কৰম, বাহা, আদি বিভিন্ন উৎসৱ-পৰৱে চাহ বাগিছাৰ সেউজ ভূমি মুখৰিত কৰিছিল।
বৰ্তমান এই কৰম পূজাঁৰ সময়। চাহ শ্ৰমিকসকলৰ হিয়াৰ আমঠু এই কৰম পূজাক তেওঁলোকৰ জাতীয় উৎসৱ হিচাপে মান্যতা প্ৰদান কৰা হৈছে।
উত্তৰ ভাৰতৰ পৰা অহা লোকসকলৰ মাজত এই পৰৱ অধিক জনপ্ৰিয়। ই এক কৃষি ভিত্তিক উৎসৱ। ইয়াৰ লগত কিছুমান কাহিনী জড়িত হৈ আছে।
এটা আখ্যান মতে, দৈত্য সকলৰ অত্যাচাৰত দেৱতা সকলে ত্ৰাহি মধুসুধন সুঁৱৰি অনন্ত শয্যাত শুই থকা বিষ্ণুৰ কাষত উপস্থিত হয়। সেই সময়তেই বিষ্ণুৱে টোপনিত কাষ বা পাৰ্শ্ব সলালে ( myth)। সেই দিনটো আছিল ভাদ মাহৰ একাঁদশী তিথি। সেই দিনটোকেই পাৰ্শ্ব একাঁদশী তিথি হিচাপে নামাকৰণ কৰি ‘একাঁদশী কৰম’ সাৰ্বজনীন ভাবে পালন কৰা হয়।
আন এটা কাহিনী অনুসৰি, অযোধ্যাত বিক্ৰম নামৰ ৰজা এজনৰ অতি সুন্দৰ ৰম্য উপবন এখন আছিল। তাত দুজোপা চিকা মৰলীয়া গছ আছিল। উপবনৰ ফুল মনে মনে কোনোবাই সদায় ছিঙি লৈ গৈছিল। তাকে দেখি ৰজা বিক্ৰমে এদিন অভিশাপ দি ক’লে যে
” যিয়ে এই ফুল চুৰি কৰিব, ইয়াত বান্ধ খাই থাকিব।”
পিছদিন দেখা গ’ল, ৰাধা-কৃষ্ণ চিকা মৰলীয়া গছ দুজোপাৰ বন্ধনত আৱদ্ধ হৈ আছে। ৰাধা কৃষ্ণক বৃক্ষৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ নিশা উপবাসে কটোৱা এজনী বুঢ়ীয়ে আগবাঢ়ি যোৱা বাবে চিকা মৰলীয়া গছক কৰম পূজাত ৰাধা-কৃষ্ণৰ প্ৰতীক ৰূপে গণ্য কৰা হয়।
নিয়ম অনুসৰি পৰৱৰ পাঁচ বা সাত দিন পূৰ্বৰে পৰা সাত বা ন গৰাকী কুমাৰী ছোৱালীয়ে নৈ-পুখুৰী আদিত প্ৰাতঃ স্নান কৰি মাটি আৰু বালি ভৰ্তি পাচি এটাত বুট, মগু, যৱ ধান, মাকৈ, ধান – এই পাঁচ বিধ শষ্যৰ বীজ ৰোপণ কৰে। ইয়াক “জাৱা” উঠোৱা বোলে আৰু ছোৱালীকেইজনীক “কৰমতী” বোলে।
জাৱা বা পাচিটো আনি ভক্তি সহকাৰে এঘৰত ৰখা হয় আৰু সদায় পুৱা-গধূলি পানী ঢালি নৃত্য-গীতেৰে জাৱা জাগৰণ কৰা হয়। এইদৰে একাঁদশী তিথিত কৰমতী সকলে গৃহকৰ্তা আৰু ৰাইজৰ লগত পূঁজা থলীলৈ কৰম দেৱতাক গীত মাতেৰে আদৰি আনে।
কৰম পূঁজাত এজন পুৰুষে ( কাহিনী বুঢ়া ) ধৰ্মা আৰু কৰ্মা নামৰ দুজন ভাই ককাইৰ অৰ্থপূৰ্ণ কাহিনী এটা বৰ্ণনা কৰে; যাৰ অৰ্থ হ’ল, ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। গোটেই ৰাতি সকলোৱে আখড়াত নাচ গান কৰি, ঝুমুৰ নাচি পুৱালৈ কৰম দেৱতাৰ ভাসান ( বিসৰ্জন) কৰে। সন্ধিয়ালৈ নৃত্য গীতেৰে গাঢ়া-ভাতা পৰ্ব সম্পন্ন কৰে।
সকলে চাহ বাগিছাত কৰম উৎসৱ পালন কৰি আছে – সেই চাহ বাগিছাবোৰত কিন্তু চুটীৰ দিন ঘোষণা কৰা নাই।
Read more– য়েছে দৰজে ঠংচিৰ জীৱন আৰু সাহিত্যৰ বৰ্ণিল যাত্ৰা
সভাপতি- আকাশ মুণ্ডা, সম্পাদক – নিত্যানন্দত দাস আৰু আহ্বায়ক জুলেন ভক্তাৰ উদোগত
তেজপুৰ-ৰঙাপৰাৰ নাম গাঁও গপচৰ বস্তীত কেইবদিনীয়া কাৰ্য্যসূচীৰে কৰম উৎসৱৰ আয়োজন কৰা হৈছে।
তেওঁলোকৰ আশাসুধীয়া প্ৰচেষ্টাত অঞ্চলটোৰ বিভিন্ন ভাষা-ভাষীৰ ৰাইজৰ উপস্থিতিয়ে অঞ্চলটোলৈ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে।
আশা ৰাখিম যে ভৱিষ্যতেও তেওঁলোকে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই থাকিব।
এই বছৰৰ পৰা অসম চৰকাৰেও এই উৎসৱক মান্যতা প্ৰদান কৰি আজিৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। কিন্তু তাৰ মাজতে আক্ষেপ ৰৈ যায় –
এই বন্ধই চাহ বাগিছাৰ মানুহক চুব পৰা নাই। চৰকাৰে চুটী পালনৰ সুবিধা প্ৰদান কৰিছে অফিচ, স্কুল, কাছাৰীত কাম কৰা সকলকহে। কিন্তু যি সকলে চাহ বাগিছাত কৰম উৎসৱ পালন কৰি আছে – সেই চাহ বাগিছাবোৰত কিন্তু চুটীৰ দিন ঘোষণা কৰা নাই।
ড০ আৰ কে বেজবৰুৱা, তেজপুৰ