ক’ৰনা আক্ৰান্ত হৈছে পাকিস্তানৰ ১০ গৰাকী ক্ৰিকেটাৰ
ফখৰ জামান, মহম্মদ হাফিজকে ধৰি পাকিস্তানৰ ১০ গৰাকী ক্ৰিকেটাৰ আক্ৰান্ত হৈছে ক’ৰনাত ।ইংলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হবলগীয়া ক্ৰিকেট শৃংখলাৰ পূৰ্বে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিন্তাত পেলাইছে পাকিস্তান ক্ৰিকেট দলক। সোমবাৰে তিনিগৰাকী পাকিস্তানী ক্ৰিকেটাৰ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল তাৰ পিছদিনা মঙলবাৰে পুনৰ অন্য সাত গৰাকী ক্ৰিকেটাৰৰ শৰীৰত ক’ৰনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। নতুন কৈ ক’ৰনা আক্ৰান্ত হোৱা পাকিস্তানী ক্ৰিকেটাৰ কেইগৰাকী হৈছে ক্ৰমে- কাচিফ ভাটি, মহম্মদ হাচনান, ফখৰ জামান, মহম্মদ ৰিজৱান, মহম্মদ হাফিজ, ৱাহাব ৰিয়াজ আৰু ইমৰাণ খান। পাকিস্তান ক্ৰিকেট দলৰ ১০ গৰাকী ক্ৰিকেটাৰ ক’ৰনা আক্ৰান্ত হোৱাৰ পাছতে ইংলেণ্ড আৰু পাকিস্তানৰ মাজত হবলগীয়া ক্ৰিকেট শৃংখলাটো অনিশ্চয়তাই দেখা দিছে।
Sports Desk, Ne India.