ক’ৰনাৰ ভেকচিন লৈ ক’ৰনাত আক্ৰান্ত হল হাৰিয়ানাৰ গৃহমন্ত্ৰী
পৰীক্ষামূলক প্ৰতিষেধক গ্ৰহণ কৰি শেষত নিজেই ক’ৰনাত আক্ৰান্ত হৱ হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ৱিজ।কোভাক্সিন প্ৰতিষেধকৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ পৰীক্ষাত যি সকলে প্ৰতিষেধক গ্ৰহণ কৰিছিল তাৰ ভিতৰত আছিল হাৰিয়ানাৰ গৃহমন্ত্ৰীয়ো।
ক’ৰনাৰ প্ৰতিষেধক লৈছিল লগতে অন্যকো লোৱাৰ বাবে উদগনি যোগাইছিল।
কিন্তু ভেকচিন লৈ নিজেই আক্ৰান্ত হল ক’ৰনাত। পৰীক্ষামূলকভাৱে ক’ভিড প্ৰতিষেধক লোৱাৰ পাছতে ক’ৰনা পজিটিভ গৃহমন্ত্ৰী অনিল ৱিজ।
৬৭ বছৰীয়া অনিল ৱিজ বৰ্তমানে চিকিৎসাৰ বাবে আম্বালাৰ চিভিল হাস্পতালত ভৰ্তি হৈছে। লগতে তেওঁ নিজৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষা কৰোৱাবলৈ আহ্বান জনাইছে।২০ নৱেম্বৰত ভাৰত বায়’টেকে পৰীক্ষা চলাই থকা প্ৰতিষেধক বিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ অংশ হিচাপে প্ৰতিষেধক গ্ৰহণ কৰিছিল তেখেতে।
News Desk, Ne India