ক’ৰনাত আক্ৰান্ত হৈছে  RBIৰ গৱৰ্ণৰ শক্তিকান্ত দাস

0
115

 

ক’ৰনাত আক্ৰান্ত হৈছে  RBIৰ গৱৰ্ণৰ শক্তিকান্ত দাস

ক’ৰনাত আক্ৰান্ত হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ (RBI) গৱৰ্ণৰ শক্তিকান্ত দাস । দেওবাৰে সন্ধিয়া এটা টুইট যোগে তেওঁ কয়, ‘’মোৰ কোভিড-১৯ ৰিপ’ৰ্ট পজিটিভ আহিছে। সুস্থ অনুভৱ কৰিছো। বৰ্তমান যিসকলে মোৰ সংস্পৰ্শত আহিছিল, তেওঁলোকক সতৰ্ক কৰি দিছো। আইছ’লেশ্যনত থাকিয়ে কামকাজ চলাই যাম। বৰ্তমান তেওঁ সুস্থই, তেওঁৰ দেহত কোনো লক্ষণো দেখা দিয়া নাই।
যোৱা মাৰ্চ মাহত আৰম্ভ হোৱা লকডাউনৰ সময়ৰ পৰাই গৱৰ্ণৰগৰাকীৰ লগতে আৰবিআইৰ সকলো বিষয়াই ঘৰৰ পৰাই কাম কৰি আহিছে।ঘৰৰ পৰাই বিভিন্ন সময়ত বিভিন্ন ঘোষণা কৰাৰ লগতে লকডাউনৰ মাজত ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে সংবাদ মেলো অনুষ্ঠিত কৰিছে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here