ক’ৰনাত আক্ৰান্ত হৈছে ড’নাল্ড ট্ৰাম্পৰ জেষ্ঠ পুত্ৰ

0
96

 

ক’ৰনাত আক্ৰান্ত হৈছে ড’নাল্ড ট্ৰাম্পৰ জেষ্ঠ পুত্ৰ

ক’ৰনাত আক্ৰান্ত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড’নাল্ড ট্ৰাম্পৰ জেষ্ঠ পুত্ৰ ড’নাল্ড ট্ৰাম্প জুনিয়ৰ ।শুকুৰবাৰে ড’নাল্ড ট্ৰাম্প জুনিয়ৰৰ মুখপাত্ৰই জুনিয়ৰ ট্ৰাম্প কোভিড প’জিটিভ হোৱা বুলি সদৰী কৰে।৪২ বছৰীয়া ড’নাল্ড ট্ৰাম্প জুনিয়ৰে কোভিড আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল আৰু নিজে কোৱাৰেণ্টাইনত আছিল।

বৰ্তমান সময়ত ড’নাল্ড ট্ৰাম্প জুনিয়ৰৰ শৰীৰত কোভিডৰ কোনো লক্ষণ দেখা দিয়া নাই আৰু তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰয়োজনীয় প্ৰট’কল সমূহ পালন কৰি আছে বুলি তেওঁৰ মুখপাত্ৰই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here