ক’ৰণা ভাইৰাছ !ভাৰতত মৃত্যুৰ সংখ্যা বৃদ্ধি
সমগ্ৰ বিশ্বতে ক’ৰণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে। ভাৰতত ক’ৰণা ভাইৰাছৰ ফলত দ্বিতীয় জন লোক মৃত্যু মুখত পৰিছে।
শেহতীয়াকৈ ছুইজাৰলেণ্ড আৰু ইটালী ভ্ৰমণলৈ গৈছিল মহিলাগৰাকীৰ পুত্ৰ, ভাৰতলৈ ঘুৰি অহাৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। মহিলাগৰাকী ডায়বেটিছ আৰু হাইপাৰটেনশ্যনৰ ৰোগী আছিল।
নিউমনিয়াৰ লক্ষণৰ কাৰণে আইচিইউলৈ মহিলাগৰাকীক নিয়া হৈছিল। ৯মাৰ্চৰ পৰাই শ্বাস–প্ৰশ্বাসৰ সমস্যাত ভোগা মহিলাগৰাকীক ভেণ্টিলেটৰত ৰখা হৈছিল। ৰাম মনোহৰ লোহিয়া হাস্পতালত মহিলাগৰাকী ভৰ্তি কৰোৱা হৈছিল।
সমগ্ৰ বিশ্বত কোৰোণা ভাইৰাছৰ কাৰণে ৫০০০ৰো অধিকৰ মৃত্যু হৈছে আৰু আক্ৰান্ত হৈছে ১,৩৪,৩০০ৰো অধিক লোক।
News Desk,Ne India