ক্ৰমান্বয়ে স্বাস্থ্য অধিক সংকটজনক হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

0
93

ক্ৰমান্বয়ে স্বাস্থ্য অধিক সংকটজনক হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ক্ৰমান্বয়ে অধিক অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য।শনিবাৰে দুপৰীয়া ভাগত জিএমচিএইচৰ আইচিইউত অচেতন হৈ পৰিছিল তাৰ পাছতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ লাইফ চাপোৰ্ট বৃদ্ধি কৰা হৈছে।এইমচৰ বিশেষজ্ঞৰ পৰামৰ্শক্ৰমে বঢ়োৱা হৈছে বিভিন্ন ঔষধৰ মাত্ৰাও।

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ খবৰ পাই স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জিএমচিএইচত উপস্থিত হৈ তেওঁৰ চিকিৎসাৰ বুজ লয়। মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ শাৰীৰিক অৱস্থা অতিকে সংকটজনক।
কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস লৈ থকাৰ পিছতো কিডনী হাৰ্টৰ কামবোৰ ঘূৰি আহিবৰ বাবে যিখিনি ঔষধ সেয়া সমান্তৰালকৈ যোগান ধৰি থকা হৈছে। ঔষধখিনিয়ে কাম কৰিলে তেওঁ নিয়মিত শ্বাস-প্ৰশ্বাস ঘূৰাই পাব পাৰে। দিল্লীলৈকে যোৱাৰ পৰিবেশ নাই যিহেতু তেওঁ ভেন্টিলেশ্যনত গুচি গৈছে।‘ এইদৰে কয় ।
সাংসদ পুত্ৰ গৌৰৱ গগৈসহ পৰিয়ালৰ লোক সকলো চিকিৎসালয় খনত উপস্থিত আছে।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ প্ৰদ্যুত বৰদলৈ, ৰাজ্যৰ মুখ্য সচিৱ জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত প্ৰমুখ্যে আন বহু জ্যেষ্ঠ প্ৰশাসনীয় মুৰব্বী আৰু ৰাজনৈতিক নেতাও নিশাৰ ভাগত চিকিৎসালয় খনত উপস্থিত থাকি তেওৰ স্বাস্থ্যৰ বুজ লয়।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here