ক্লেৰেট ব’মেন চচাইটিৰ বিহু কৰ্মশালাৰ সামৰণি
ক্লেৰেট ৱ’মেন চচাইটিৰ সাংস্কৃতিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত বিহু নৃত্য আৰু লোকবাদ্য কৰ্মশালাৰ সামৰণি পৰিল ৰবিবাৰে । কাহিকুছি ,ভি আই পি ৰ শ্যামভুমি হাইস্কুলৰ খেলপথাৰত ১৪ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হৈছিল এই কৰ্মশালা ।
কৰ্মশালাত প্ৰশিক্ষণ আগবঢ়াইছিল বিহু শিল্পী শৈলেন গগৈ , বিহুৱা প্ৰকাশ দাস , ঢুলীয়া কৈলাশ শইকীয়া , বৰ বিহুৱতী গীতাঞ্জলী গগৈৱে । প্ৰায় ৭৫ গৰাকী বিভিন্ন বয়সৰ প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল কৰ্মশালাত । ৰবিবাৰে অনুষ্ঠিত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত আছিল অঞ্চলটোৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তি ।
সামৰণি অনুষ্ঠানৰ দিনটোত ‘মুকলি বিহু’ অনুষ্ঠিত কৰে উদ্যোক্তা সংগঠনটোৱে । প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা হয় সামৰণি অনুষ্ঠানত ।
News Desk, Ne India News