কোন হব NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ?
১৮ জুলাই ভাৰতত অনুষ্ঠিত হব ৰাষ্ট্ৰপতি নিৰ্বাচন । এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ NDA ৰ প্ৰাৰ্থী হিচাপে থিয় হৈছে দ্ৰোপদী মুৰ্মু । বিৰোধী দল সমুহৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে থিয় হৈছে য়ছবন্ত সিং ।
ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ সমান্তৰালকৈ উপ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰো চৰ্চা আৰম্ভ হৈছে ।
উপ ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপি প্ৰথম পচণ্ডৰ প্ৰাৰ্থী হিচাপে নাম প্ৰকাশ পাইছে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ নাম । কেপ্তেইন অমৰিন্দৰ সিঙে কংগ্ৰেছ ত্যাগ কৰি পঞ্জাৱ লোক কংগ্ৰেছ গঠন কৰিছিল । বিগত বিধানসভা নিৰ্বাচনত কেপ্তেইন অমৰিন্দৰ সিঙৰ ৰাজনৈতিক দলে বিজেপিৰে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । কিন্ত বিশেষ সফল হব নোৱাৰিলে বিজেপি তথা পঞ্জাৱ লোক কংগ্ৰেছ দল।

পৰৱৰ্তী নিৰ্বাচন সমুহত বিশেষকৈ ২০২৪ ৰ লোকসভা নিৰ্বাচনত পঞ্জাৱ প্ৰদেশত ভাল ফলাফল লাভ কৰা উদ্দেশ্যেৰে বিজেপিয়ে অমৰিন্দৰ সিঙক উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে । কেপ্তেইন অমৰিন্দৰ সিঙৰ উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাই আনি বিজেপিয়ে শিখ জনতাক ইতিবাচক মেচেজ দিব বিচাৰিছে ।
অচিৰেই কেপ্তেইন অমৰিন্দৰ সিঙৰ পঞ্জাৱ লোক কংগ্ৰেচৰ বিলয় হব বিজেপিত । ইতিমধ্যে সকলো প্ৰক্ৰিয়া সমাপ্ত হৈছে । শিঘ্ৰেই এই ক্ষেত্ৰত চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হব ।
National Desk , Ne India News