কোন হব দেশৰ ৰাষ্ট্ৰপতি , দ্ৰোপদী মুৰ্মু নে য়ছবন্ত সিনহা ! আজি ওলাব ফলাফল

7

কোন হব দেশৰ ৰাষ্ট্ৰপতি , দ্ৰোপদী মুৰ্মু নে য়ছবন্ত সিনহা ! আজি ওলাব ফলাফল

দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি কোন হব ? দ্ৰোপদী মুৰ্মু নে য়ছবন্ত সিনহা । শুকুৰবাৰে প্ৰকাশ পাব ফলাফল । ১৮ জুলাইত ভোটদান অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আজি ১১ বজাৰ পৰা সংসদত অনুষ্ঠিত হব ভোটগণনা ।
নেচনেল ডেমক্ৰেটিক ফ্ৰন্ট চমুকৈ NDA য়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল দ্ৰোপদী মুৰ্মিক । আনহাতে কংগ্ৰেছ , সমাজবাদী দল , তৃণমুল কংগ্ৰেছ , NCP আদি বিৰোধী দল সমুহে উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী য়ছবন্ত সিনহাক ।
দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকালৰ অন্ত পৰিব ২৪ জুলাইত । নতুন ৰাষ্ট্ৰপতিয়ে শপত লব ২৫ জুলাইত । সংসদ ভৱনৰ ৬৩ নম্বৰ কোঠাত অনুষ্ঠিত হব ভোটগণনা । ৰাজ্যসভাৰ মুখ্য নিৰ্বাচনী অধিকাৰী পি চি মোডীয়ে সমগ্ৰ প্ৰক্ৰিয়াত নজৰ ৰাখিব । ১১ বজাৰ পৰা অনুষ্ঠিত হব লগা ভোটগণনাত প্ৰথমে সংসদৰ সদস্য সকলৰ ভোট গণনা কৰা হব । তাৰপিচতে ৰাজ্যসমুহৰ বৰ্ণনুক্ৰম মতে ভোটগণনা কৰা হব । আবেলি লৈ সম্পুৰ্ণ ফলাফল ওলোৱাৰ সম্ভাৱনা আছে ।
এই নিৰ্বাচনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুৰ জয়ৰ সম্ভাৱনা প্ৰৱল । যদিহে আজি ঘোষিত হব ফলাফলত দ্ৰোপদী মুৰ্মু জয়ী হয় , তেন্তে দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱা তেৱেঁ‌ই হব প্ৰথমগৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি ।

National Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here