কোন হব কংগ্ৰেছৰ পৰৱৰ্তী অধ্যক্ষ ! প্ৰত্যাহ্বানৰ সন্মুখীন হব নেকি RG
সৰ্বভাৰতীয় কংগ্ৰেছৰ অধ্যক্ষ পদ বিগত প্ৰায় তিনিবছৰে খালী হৈ আছে । দলটোৰ কাৰ্যকৰী অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আছে ছোনিয়া গান্ধীয়ে ।
১৭ অক্টোবৰত অনুষ্ঠিত হব অধ্যক্ষ পদৰ নিৰ্বাচন
কংগ্ৰেছ দলৰ এই নিৰ্বাচনক এক ভেকোভাওনা আখ্যা দিছে বিজেপিয়ে ।
যদিও নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে , প্ৰকৃততে ৰাহুল গান্ধীক পুনৰ অধ্যক্ষ পদ অৰ্পণৰ এক কৌশল বুলি মত পোষণ কৰিছে ৰাজনৈতিক বিশ্লেষকে । ইতিমধ্যে ৰাহুল গান্ধীক সৰ্বসন্মতিক্ৰমে অধ্যক্ষ পদ অৰ্পণৰ বাবে একাংশ নেতাই মুকলি কৈ মন্তব্য কৰিছে ।
ৰাহুল গান্ধীৰ দলৰ এনে কৌশলক নাকী লগাবলৈ আগবাঢ়ি আহিছে কংগ্ৰেছৰে আন এগৰাকী প্ৰভাৱশালী নেতা ।
Read more–কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন ! ঘোষণা হল নিৰ্বাচনৰ দিন
অধ্যক্ষ পদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্চা প্ৰকাশ কৰিছে জেষ্ট্য কংগ্ৰেছ নেতা শশি ঠৰুৰে । এই ক্ষেত্ৰত নেতাগৰাকীয়ে এতিয়াও চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই যদিও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাৰ সন্ধান কৰিছে । সুত্ৰৰ খবৰ অনুসৰি , শিঘ্ৰেই এই ক্ষেত্ৰত এক সিদ্ধান্ত উপনীত হব শশি ঠৰুৰ ।
এক সংবাদ মাধ্যমৰ এক স্তম্ভত লিখা লিখনিৰে শশি ঠাৰুৰে আহ্বান জনাইছে , স্বাধীন আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰক কংগ্ৰেছে ।
উল্লেখ্য যে , কংগ্ৰেছৰ G-23 ৰ এগৰাকী সদস্য শশি ঠৰুৰ । জেষ্ট্য কংগ্ৰেছীৰ G-23 গোটে ২০২০ চনত কংগ্ৰেছৰ সংগঠন শক্তিশালী কৰাৰ বাবে এক পত্ৰ যোগে ছোনিয়া গান্ধীক আহ্বান জনাইছিল । এই পত্ৰক লৈ সেই সময়ত দেশত তীব্ৰ চৰ্চা চলিছিল । কংগ্ৰেছৰ ভিতৰত থকা ৰাহুল গান্ধীৰ স্তাৱক বাহিনী তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল G-23 গোট । তাৰপিচৰে পৰা G-23 গোটক সম্পুৰ্ণ একাষৰীয়া কৰি পেলাইছিল । ইতিমধ্যে G-23 ৰ কেবাগৰাকীও জেষ্ট্য নেতা কংগ্ৰেছৰ পৰা দলত্যাগ কৰিছে । কংগ্ৰেছৰ পৰা আতৰি গৈছে কপিল চিব্বাল । আতৰি গল গুলাম নবি আজাদ ।
G-23 ৰ আন এগৰাকী সদস্য শশি ঠৰুৰে নিজৰ স্তম্ভত লিখিছে , কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন , দলটোৰ পুনঃৰুদ্ধাৰৰ ক্ষেত্ৰত এক আৰম্ভণি হব । যিটো বৰ্তমান প্ৰেক্ষপটত কংগ্ৰেছৰ বাবে অতি প্ৰয়োজন ।
National Desk, Ne India News