কোকৰাঝাৰত ভেজাল সামগ্ৰীৰ বিৰুদ্ধে অভিযান

0
760

NEWS DESK NE INDIA : বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰত গাখীৰ,মাছ,কণী আদিকে ধৰি বিভিন্ন ভেজাল সামগ্ৰীৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগে বিশেষ অভিযান চলায়। অত্যাধুনিক FSWনামৰ গাড়ীৰে সামগ্ৰীসমূহৰ ওপৰত পৰীক্ষা চলায় অভিযানকাৰী দলটোৱে। কোকৰাঝাৰ চহৰৰ বজাৰত পশ্চিমবংগ আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা অহা ৰৌ,ৰূপচান্দা,ইলিচ,কাতলা আদি চালানী মাছত ফাৰ্মেলিনযুক্ত বৰবিহ আৰু গাখীৰৰ নমুনা সংগ্ৰহ কৰি ভেজাল পোৱা বুলি স্পষ্ট কৰে কোকৰাঝাৰৰ খাদ্য সুৰক্ষা আৰু যোগান বিভাগৰ বিষয়া বিলিফাং বসুমতাৰীয়ে। ১৮ছেপ্তম্বৰৰ পৰা ২২ছেপ্তেম্বৰলৈ চলিব লগা অভিযানত চালানী মাছ, গাখীৰৰ উপৰিও মিঠাতেল,মিঠাই,দাইলকে ধৰি ২০বিধ সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা অব্যাহত ৰখা বুলি কোৱাৰ লগতে পৰীক্ষাৰ অন্তত অসাধু ব্যৱসায়ী সকলৰ বিৰুদ্ধে অতি সোনকালেই আইনী প্ৰক্ৰিয়াৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় বিলিফাং বসুমতাৰীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here