কেন্দ্ৰীয় মন্ত্ৰী ড° মনসুখ মাণ্ডাৱিয়াক সাক্ষাৎকাৰ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ
আজি শনিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ড° মনসুখ মাণ্ডাৱিয়াক তেখেতৰ নতুন দিল্লীৰ চৰকাৰী ভৱনত সাক্ষাৎ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমৰ বহুতো বিষয় আৰু সমস্যা বিশেষকৈ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বানপানীৰ পিছত আৰু ইয়াৰ পৰৱর্তী সময়ত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰে গ্রহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে। ইয়াৰ উপৰিও ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীৰ সৈতে।
News Desk, Ne India News