Sunday, March 26, 2023
HomeAssameseকেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ ! পাব মোটা অংকৰ বকেয়া

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ ! পাব মোটা অংকৰ বকেয়া

কেন্দ্ৰীয় চৰকাৰৰ ৰেল বিভাগৰ কৰ্মচাৰীৰ বাবে সুখবৰ । মুল্যবৃদ্ধিৰ মাধমাৰ হজম কৰি অহা কৰ্মচাৰী সকলক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে লৈছে বিশেষ পদক্ষেপ । ৰেলৱে বোৰ্ডৰ কৰ্মচাৰী সকলৰ Dearness Allowance অৰ্থাৎ মহাৰ্ঘ ভাট্টাৰ ক্ষেত্ৰত ১৪ শতাংশ বৃদ্ধি কৰিছে চৰকাৰে ।
যিসকল কৰ্মচাৰীৰ ক্ষেত্ৰত এই DA Hike প্ৰযোজ্য হব সেইসকলৰ বাবে আন এক সুখবৰ আছে । সেইসকল কৰ্মচাৰীয়ে DA Hike ৰ লগতে ১০ মাহৰ বকেয়াও লাভ কৰিব । যিসকল কৰ্মচাৰীয়ে ৬ষ্ট বেতন আয়োগৰ অন্তৰ্গত চাকৰি কৰি আছে সেইসকল কৰ্মচাৰীয়ে ৭-৭ ৰ দুটা কিস্তিত এই DA Hike আৰু ১০ মাহৰ বকেয়া লাভ কৰিব ।
মহাৰ্ঘ ভাট্টা ১ জুলাই , ২০২১ ৰ ৭ শতাংশ আৰু ১ জানুৱাৰী, ২০২২ ৰ পৰাও ৭ শতাংশ বৃদ্ধি কৰা হৈছে । বৰ্তমান ৬ষ্ঠ বেতন আয়োগৰ অধীনত কৰ্মৰত কৰ্মচাৰী সকলে ১৮৯ শতাংশ DA লাভ কৰি আছিল । সেইসকল কৰ্মচাৰীৰ DA এক জুলাই , ২০২১ ৰ পৰা ৭ শতাংশ বৃদ্ধি হোৱাৰ ফলত DA ১৯৬ শতাংশলৈ বৃদ্ধি পাব । একেদৰে ১ জানুৱাৰী, ২০২২ ৰ পৰা DA সাত শতাংশ বৃদ্ধি পালে মুঠ ২০৩ শতাংশলৈ DA বৃদ্ধি পাব । কৰ্মচাৰী সকলে মে মাহৰ দৰমহাৰ লগত ১০ মাহৰ বকেয়া লাভ কৰিব ।

National Desk, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments