কেন্দ্ৰীয় খাদী মন্ত্ৰী স্মৃতি ইৰাণীৰ ক্ষোভ

0
734
NATIONAL DESK NE INDIA: দেশ এখনৰ প্ৰকৃত কাৰ্যবাহী শাসকজনেই হ’ল প্ৰধানমন্ত্ৰী ৷ কিন্তু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে প্ৰধানমন্ত্ৰী পদটোক লৈ ৰাহুল গান্ধীৰ এক মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় খাদী মন্ত্ৰী স্মৃতি ইৰাণীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ মনত ভাৰতৰ প্ৰধানমন্ত্ৰী পদটোক লৈ কোনো সন্মান নাই ৷ কাৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকা সময়তো ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ পদটোক লৈ সাৰ্বজনিকভাৱে এক অধ্যাদেশ ফালি পেলাই পদটোৰ সন্মান উলংঘন কৰে ৷
লগতে স্মৃতি ইৰাণীয়ে কয়, যদিহে গান্ধী পৰিয়ালৰ পৰা কোনো সদস্য প্ৰধানমন্ত্ৰী পদত অধিস্থিত হয়,তেতিয়াহে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী পদটোৰ প্ৰতি সন্মান সূচক দৃষ্টিভংগী আগনবঢ়াই ৷ কিন্তু ৰাহুল গান্ধীয়ে পাহৰি যোৱা উচিত নহ’ব যে, গুজৰাটৰ এখন পিছপৰা গাঁৱৰ এটি দুখীয়া পৰিয়ালৰ পৰা অহা এজন ব্যক্তিয়ে বিগত প্ৰায় চাৰি বছৰে এখন দেশ পৰিচালনা কৰি আছে ৷ অন্যহাতে সততে বিজেপি চৰকাৰক কটাক্ষ কৰি থকা ৰাহুল গান্ধীৰ ওচৰত দেশখন আগৱাই নিবলৈ কেনেধৰণৰ নীতি আছে বুলিও প্ৰশ্ন কৰে স্মৃতি ইৰাণীয়ে ৷ কিন্তু মন কৰিব লগীয়া যে,প্ৰধানমন্ত্ৰী পদটোৰ সন্মান উলংঘা কৰা বিষয়টো কেৱল কংগ্ৰেছৰে নহয় ৷ ইয়াৰ পূৰ্বেও বহু কেইটা ৰাজনৈতিক দলেও প্ৰধানমন্ত্ৰী পদটোক লৈ তুলুঙা মন্তব্য দিয়াৰ নজিৰ আছে ৷ উল্লেখ্য যে,শুক্ৰবাৰে ডুংগৰপুৰৰ এখন সভাত কংগ্ৰেছৰ এখন সভাত ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে,দেশত এতিয়া জনসাধাৰণৰ মাজত এটা কথাই গুঞ্জৰিত হৈছে যে,দেশ খনৰ অলিয়ে গলিয়ে চোৰৰ সন্ত্ৰাস বিয়পি পৰিছে ৷ লগতে ৰাহুল গান্ধীয়ে কয় যে, হিন্দুস্তানৰ চকীদাৰ জনো চোৰ ৷ দেশৰ প্ৰধানমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীৰ পদটোক লৈ কৰা এই অপমাণ সূচক মন্তব্যক নিন্দনীয় আখ্যা দিয়াৰ লগতে সম্প্ৰতি ৰাজনৈতিক মহলত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here