কেইটামান সমষ্টিৰ নিৰ্বাচনী বতাহঃ ৰাইজৰ দৃষ্টিৰে
অসম বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰথম পৰ্যায়তে আছে বিহালী, বিশ্বনাথ চাৰিআলি, ৰঙাপৰা, তেজপুৰ আৰু ঢেকিয়াজুলি সমষ্টি। সাধাৰণ ভোটাৰৰ পৰা পোৱা কিছু অভিমতৰ ভিত্তিত সাধাৰণ সমীক্ষা এটা ডাঙি ধৰাৰ চেষ্টা কৰিলোঁ।
বিহালী সমষ্টি বহুত বছৰ ধৰি বিজেপিৰ দূৰ্গ হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু বিগত সময়চোৱাত তাৰ বিজেপি বিধায়ক ৰঞ্জিত দত্তৰ কাম কৰাৰ ধৰণে ৰাইজক সন্তুষ্ট কৰি ৰাখিব পোৱা নাই। তেওঁ যি ধৰণে ৰাইজৰ কাষ চাপিব লাগিছিল সেই ধৰণে হোৱা নাই বুলি সাধাৰণ মানুহে ভাবিবলৈ বাধ্য হৈছে। সেই ফালৰ পৰা চাবলৈ গ’লে ৰঞ্জিত দত্তৰ ভাৱমূৰ্তিয়ে দলক আশাপ্ৰদ ফল দিবলৈ কিছু টান হ’ব যেন লাগে।
তাৰ বিপৰীতে, এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে ৰাইজৰ অন্তৰ দখল কৰিছে বুলিও জানিব পৰা গৈছে। ৰাইজৰ মাজত সমাদৃত প্ৰাৰ্থী জনৰ নাম জয়ন্ত বৰা। বাকী প্ৰাৰ্থীৰ ভূমিকা বিহালীৰ সমষ্টিৰ বাবে গুৰুত্বপূৰ্ণ নহয় বুলি ৰাইজে ভাবে। ঢেকিয়াজুলি সমষ্টিটো বিজেপিৰ প্ৰাৰ্থী অশোক সিংঘালৰ অপৰাজিত দূৰ্গ বুলি ৰাইজ নিশ্চিত।
আনহাতে, বিশ্বনাথ চাৰিআলিত প্ৰাৰ্থী বাচনিক লৈ ৰাইজ বিজেপিৰ কৰ্ম-কৰ্তাৰ ওপৰত সন্তুষ্ট নহয়। সমষ্টিবাসী ৰাইজে বিজেপিৰ প্ৰাৰ্থী হিচাপে যাক বিচাৰিছিল, সেই মতে প্ৰাৰ্থী নোপোৱাৰ বাবে ভিতৰি ভিতৰি বহুতেই ক্ষুন্ন হৈছে। তাত বিজেপিৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ বিপৰীতে কংগ্ৰেছৰ অঞ্জন বৰাৰ স্থিতি উন্নত বুলি জানিব পৰা গৈছে।
ৰঙাপৰা বিধান সভাৰ সমষ্টিবাসী ৰাইজে প্ৰতি বাৰেই বেজেপিয়ে থিয় কৰোৱা প্ৰাৰ্থীৰ ক্ষেত্ৰত স্থানীয় প্ৰাৰ্থীৰ অভাৱ অনুভৱ কৰি আহিছে। ৰঙাপৰা সমষ্টিৰ অল্প কালীন সময়ৰ বাবে হোৱা নিৰ্বাচনত ৰাইজে স্থানীয় বিজেপিৰ প্ৰাৰ্থীজনক জিকাই পঠাইছিল যদিয়ো তেওঁৰ অকাল মৃত্যুৱে কাকো সুখী কৰিব নোৱাৰিলে। এইবাৰো বিজেপিৰ প্ৰাৰ্থীজন স্থানীয় হোৱা বাবে ৰাইজ সুখী হৈছে। কিন্তু তেওঁৰ বিপৰীতে পূৰ্বে বিজেপিৰ পৰা জিকি যোৱা প্ৰাৰ্থীজনে এইবাৰ কংগ্ৰেছৰ পৰা টিকট লৈ বিজেপিৰ প্ৰাৰ্থীজনক কিছু চিন্তিত কৰিছে বুলি জানিব পৰা গৈছে। সেই ফালৰ পৰা ৰঙাপৰাত কংগ্ৰেছৰ স্থিতি কিছু সবল।
আকৌ তেজপুৰ সমষ্টিতো পৃথ্বীৰাজ ৰাভা, বৃন্দাবন গোস্বামীৰ স্থিতি লেখত ল’ব লগীয়া নহয় বুলি জানিব পৰা গৈছে। সেইবাবে এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডাক্তৰ অনুজ মেচ কাণে কাণ মাৰি জিকি যোৱাৰ সম্ভাৱনা নাই বুলি ক’ব নোৱাৰি। কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ফেক্টৰ হৈছে এ আই ইউ ডি এফ। জাতীয়তাবোধ থকা অসমীয়া মাত্ৰেই কংগ্ৰেছক ভোট দিয়াৰ কথা ভাবিব নোৱাৰে।
এইবোৰ হৈছে বাহ্যিক অনুমান। তাৰ পিছতো এটা ডাঙৰ ফেক্টৰ থাকি যায়। সেয়া হৈছে টকাৰ খেল। আজিৰ সময়ত “অপেন ছিক্ৰেট” কাৰকটো হৈছে টকা। সকলোতে প্ৰাৰ্থীৰ ভাগ্য টকাই নিৰ্ধাৰণ কৰে। গতিকে শেষ মূহুৰ্তত সকলো ওলট-পালট হৈ যোৱাৰো সম্ভাৱনা স্পষ্ট।
আৰ কে বেজবৰুৱা।