Sunday, December 4, 2022
HomeAssameseকেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়ক

কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়ক

পানীৰ দৰত বিক্ৰী হৈছে ক্ষুদ্ৰ চাহ খেতিয়কে উতপাদন কৰা কেঁচা সোণ খ্যাত কেঁচা চাহপাত ।

শাৰদীয় দুৰ্গাপূজাৰ প্ৰাকক্ষণত কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল । পুজিপতি বনিকগোষ্ঠীৰ অধীনত থকা চাহ উদ্যোগত কেঁচা চাহপাতৰ উচিত মূল্য নিৰ্ধাৰণ নকৰাত প্ৰতিদিনাই লোকচানৰ সন্মুখীন হৈ আহিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল ।

উল্লেখযোগ্য যে, বৰ্তমান সময়ত প্ৰতি কেজি কেঁচা চাহপাতৰ মূল্য ৮ ৰ পৰা ৯ টকা দৰত বিক্ৰী হৈ আহিছে । ইফালে, চাহ বাগিচাত প্ৰয়োগ হোৱা ৰাসায়নিক সাৰৰ অত্যাধিক মূল্যবৃদ্ধিৰ লগতে কেঁচা চাহপাত চিঙিবলৈ শ্ৰমিকক দিবলগীয়া পাৰশ্ৰমিকতেই ক্ষুদ্ৰ চাহ খেতিয়কে অৰ্ধেক সংখ্যক মূল্য দিবলগীয়া হয় ।

যাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কষ্টৰে উতপাদন কৰা কেঁচা চাহপাতৰ উচিত মূল্য নোপোৱাত বহু সংখ্যক চাহ খেতিয়কে কেঁচা চাহপাত পেলাই দিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে ।

কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়ক

অন্যহাতে, ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ এনে জটিল সময়ত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা নামৰ সংগঠনটোৰ ভূমিকাও কিন্তু সন্দেহৰ আৱৰ্তত ।

ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক সকাহ দিয়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments