‘কৃষকৰ সৱলীকৰণত সহায় কৰিব নতুন কৃষি আইনে’ – নৰেন্দ্ৰ মোডী

0
148

‘কৃষকৰ সৱলীকৰণত সহায় কৰিব নতুন কৃষি আইনে’ – নৰেন্দ্ৰ মোডী

দেওবাৰে অল ইণ্ডিয়া ৰেডিঅ’ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ জনপ্ৰিয় অনুষ্ঠান মন কী বাত সম্প্ৰচাৰ কৰে।মন কি বাতৰ আৰম্ভণিতে তেও কয়, ভাৰতৰ এই কথা জানি গৰ্ব হ’ব, দেৱী অন্নপূৰ্নাৰ এটি বহু পুৰনি প্ৰতিমা কনাডাৰ পৰা পুনৰ ভাৰতলৈ আহি আছে । এই প্ৰতিমা প্ৰায় ১০০ বছৰ আগতে ১৯৯৩ চনত বাৰানসীৰ এটি মন্দিৰৰ পৰা চুৰ কৰি দেশৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছিল ।
৭১ সংখ্যক মন কী বাত অনুষ্ঠানত মোদীয়ে কয় যে ,তিনিখনকৈ কৃষি আইনে দেশৰ কৃষকক সৱল কৰি তোলাত সহায় কৰিব।তেওঁ লগতে কয় যে কৃষি আইনে দেশৰ কৃষকসকলক পূৰ্বৰ শিকলিৰ পৰা মুক্ত কৰি নিজকে অধিক সমৃদ্ধশালী কৰি তোলাত অৰিহণা যোগাব।
নতুন কৃষি আইন অনুসৰি শস্য ক্ৰয়ৰ তিনি দিনৰ ভিতৰত, কৃষকৰ প্ৰাপ্য সম্পূৰ্ণ পৰিশোধ কৰিব লাগিব আৰু যদি পৰিশোধ কৰা নহয়, তেন্তে কৃষকে অভিযোগ দাখিল কৰিব পাৰে। আইন অনুসৰি অঞ্চলটোৰ এছডিএমে এমাহৰ ভিতৰত কৃষকৰ অভিযোগ নিষ্পত্তি কৰিব লাগিব।

ক’ৰনা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত তেও কয় যে যেতিয়ালৈকে কোভিডৰ ভেকচিন বজাৰলৈ নাহে তেতিয়ালৈকে দেশবাসীয়ে সাৱধানেৰে চলিব লাগিব।তেওঁ দেশবাসীক কোভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায়।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here