কৃষকৰ বাবে সুখবৰ ! অসমৰ নেমু টেঙা ৰপ্তানী হব বহিঃদেশলৈ

5

কৃষকৰ বাবে সুখবৰ ! অসমৰ নেমু টেঙা ৰপ্তানী হব বহিঃদেশলৈ

কৃষকৰ বাবে সুখবৰ । বাক্সা জিলাৰ মুছলপুৰৰ পৰা সুদূৰ লণ্ডনলৈ ৰপ্তানি হল নেমু টেঙা। আগন্তুক ২ মাহলৈ প্ৰতি কিলোগ্ৰাম ত ৩০ টকাৰ হাৰত ৰপ্তানি কৰিবলগীয়া ৮০টন নেমু টেঙৰ বাবে উৎপাদকে ৰপ্তানি অংশ হিচাপে আজি বাক্সা জিলাৰ শাল বাৰীৰ গতিৰ পৰা প্ৰায় ৬০০ কিলোগ্ৰাম নেমু টেঙা প্ৰেৰণ কৰা হৈছে । ৰপ্তানি কাৰ্যসুচী উপলক্ষে মুছলপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগণত আনুষ্ঠানিকভাৱে ৰপ্তানিৰ শুভাৰম্ভ কৰে উপায়ুক্ত আয়ুষ গাৰ্গে । নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত উৎপাদিত নেমু টেঙা ৰপ্তানি কৰা হয় বহি : দেশলৈ । জিলা কৃষি বিভাগৰ লগতে আন বিভাগ সমুহেও কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। প্ৰতিদিনে এক হাজাৰ কিলোগ্ৰাম নেমু উৎপাদন কৰি কৃষকক ৰপ্তানি কৰিবলৈ আহ্বান জনায় জিলা উপায়ুক্তই । কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া মানস প্ৰতীম কলিতাই জিলা উপায়ুক্তৰ সহযোগত প্ৰথমবাৰৰ বাবে বিদেশলৈ নেমু টেঙাৰ ৰপ্তানি কৰিবলৈ সক্ষম হয়।বাক্সা জিলা নেমু টেঙাৰ খেতিৰ বাবে উত্তম ঠাই। সেয়ে নেমু খেতিৰ বাবে আগবাঢ়ি আহিছে কৃষকসকল।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here