কৃত্ৰিম বানত ককবকাইছে পূৱ মঙলদৈ লতাখাটৰ গঞা ৷
মথাউৰি কাটিলে কেইজনমান গঞাই ৷
পুৰণা কালভাৰ্ট বন্ধ কৰি থোৱাৰ বাবে পথৰ ওপৰেৰে বাগৰিল পানী ৷
দুই ফৈদৰ মাজত কাজিয়া হোৱাৰ উপক্ৰম ৷
পূৱ মঙলদৈ চেৰপুৰ পঞ্চায়তৰ অন্তৰ্গত লতাখাট গাওঁত এটি পুল বন্ধ কৰাক লৈ দুই ফৈদৰ মাজত কাজিয়া হোৱাৰ উপক্ৰম হৈছে ৷ সেই অঞ্চলৰ কৃষ্ণ গাছ তিনিআলিৰ পৰা লতাখাট প্ৰাথমিক বিদ্যালয়ৰ সংযোগী পথত থকা কেইবাটাও পুল বন্ধ কৰি দিয়াৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানপানী ৷ স্থানীয় ব্যক্তিয়ে আৰক্ষী প্ৰশাসনক জনোৱাৰ পিচতো গুৰুত্ব নিদিয়াৰ অভিযোগ উথাপন কৰিছে ৷
ইফালে বৰষুণৰ পানী বাঢ়ি অহাৰ বাবে নতুনকৈ নিৰ্মিত পথ কাটি দিলে কেইজনমানে ৷ ইয়াকেলৈ অঞ্চলটোত চেপা উত্তেজনা বৃদ্ধি পাইছে ৷