Tuesday, March 21, 2023
HomeAssameseকৃটিম বানৰ কবলত চিলাপথাৰ নগৰবাসী ! শীঘ্ৰে ব্যৱস্থা গ্ৰহনৰ দাবী

কৃটিম বানৰ কবলত চিলাপথাৰ নগৰবাসী ! শীঘ্ৰে ব্যৱস্থা গ্ৰহনৰ দাবী

কৃটিম বানৰ কবলত এটা সপ্তাহে জলমগ্ন হৈ আছে চিলাপথাৰ নগৰ। এই দৃশ্য চিলাপথাৰ পৌৰ সভাৰ অন্তৰ্গত ১২ নং বামগাওঁ ৱাৰ্ডৰ । ধাৰাষাৰ বৰষুনৰ ফলত আৱদ্ধ হোৱা পানীয়ে নগৰত সৃষ্টি কৰিছে কৃটিম বান। পৰিকল্পিত নলা নৰ্দমাৰ অভাৱত পানীবোৰ ওলাই যাব নোৱাৰি ৰাইজক চৰম আহুকালৰ সন্মুখীন কৰাইছে। আজি বতৰ কিছু ফৰকাল হোৱা দেখা গ’ল যদিও হ্ৰাস পোৱা নাই কৃটিম বানৰ প্ৰকোপ। বাট পথ,চোতাল,বাৰীৰ পৰা পাক ঘৰ পৰ্যন্ত বোৰাই পেলাইছে। ঘৰৰ পৰা বজাৰ সমাৰ কৰিবলৈকে যাব ওলাই যাব পৰা নাই ৰাইজ। নগৰৰ লেতেৰা দুৰ্গন্ধময় আৱৰ্জনা ওপঙি পৰিৱেশ দূষিত কৰি তুলিছে। জলচৰ প্ৰাণীয়ে বিচৰণ কৰিছে মানুহৰ ঘৰৰ চোতালত । লেতেৰা পানীৰ বাবে চৰ্মৰোগৰ চিকাৰ হৈছে আৱাসী সকল। বিদ্যালয় সমূহত নিয়মীয়া পাঠদান অব্যাহত থাকিলেও ল’ৰা ছোৱালীক স্কুললৈ পঠাব পৰা নাই। জলবন্দী ৱাৰ্ডটোৰ পৰিস্থিতি বুজ ল’বলৈ বামগাওঁত উপস্থিত হ’ল চিলাপথাৰ পৌৰ সভাৰ সভানেত্ৰী লাবণ্য পাইত দলেৰ লগতে ১২ নং ৱাৰ্ডৰ কমিছনাৰ দিপাংকৰ দিহিঙীয়া। অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় বিধায়ক ভূৱন পেগুৰ সৈতে আলোচনা কৰি সমস্যা সমাধানৰ ব্যৱস্থা কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। অৱশ্যে এই প্ৰতিশ্ৰুতি কাৰ্যত পৰিণত হ’ব নে প্ৰতিশ্ৰুতি হৈয়ে ৰ’ব সেয়া সময়তহে পৰিলক্ষিত হ’ব।

বিপুল সোণোৱাল,লক্ষীমপুৰ , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments