কুৰুক্ষেত্ৰ (১)
ভাৰতীয় মানসিকতাত ‘কুৰুক্ষেত্ৰ’ শব্দটোৰ এক গভীৰ তাৎপৰ্য আছে। ‘কুৰুক্ষেত্ৰ’ শব্দটোৱে কেৱল এখন যুদ্ধকে প্ৰতিনিধিত্ব নকৰে। যদিয়ো কুৰুক্ষেত্ৰক ধৰ্মযুদ্ধৰ আখ্যা দিয়া হয়, কিন্তু ই মানুহৰ মনত সৃষ্টি হোৱা গভীৰ আতংকবোধকহে প্ৰতিনিধিত্ব কৰে।
তাত অংগাংগীভাৱে নিহিত হৈ থাকে সত্য-অসত্য, পাপ-পুণ্য, লোভ-মোহ, প্ৰেম-অপ্ৰেম, অহংকাৰ, কুটনীতি, প্ৰতিশোধ, বন্ধু্ত্ব, আনুগত্য আৰু ভয়ংকৰ নৰ সংহাৰৰ এখন ছবি ।
চিৰকালৰ বাবে মহাভাৰত-মহাকাব্যই কুৰুক্ষেত্ৰৰ মাজত ভাৰতবাসীৰ বাবে সাঁচি ৰাখিব এখন ভয়ংকৰ নৰ-সংহাৰৰ ছবি। সামান্য এটুকুৰা ভূমিৰ বাবে সমগ্ৰ ভাৰতৰ শক্তিশালী যোদ্ধাসকল এজনৰ পিছত এজনকৈ নিহত হৈছিল।
কিন্তু কোৱা হৈছিল – যুদ্ধখনৰ ভিত্তি মাত্ৰ ধৰ্মৰ স্থাপনা। মহাভাৰতে ‘ধৰ্ম সংস্থাপন’ ৰ ব্যাখ্যাৰে জনমানসক যুগে যুগে উদ্বুদ্ধ কৰি থাকিব নিজকে আত্ম প্ৰবৃত্তিৰ মাজত বিচাৰি চোৱাৰ বাবে।
সন্মুখত মেলি ৰাখিব ধৰ্ম আৰু অধৰ্ম্মৰ যুক্তিত আত্মসমৰ্পণৰ শ্ৰেষ্ঠ মাৰ্গ। কিন্তু তাৰ বিপৰীতে যুক্তিবাদীসকলৰ বিবেকৰ তুলাচনীত জোখ-মাখো হ’ব বেলেগ বেলেগ। ধৰ্ম আৰু অধৰ্ম্মৰ সূক্ষ্ম পাৰ্থক্য বিচাৰি হাবাথুৰি খাব ।
যুদ্ধই মানুহৰ সুখ-সমৃদ্ধি, জীৱন, সময়, বিবেচনা নাশ কৰে বুলি জানিও মানুহে যুদ্ধ কৰে। বেছি ভাগ সময়তে যুদ্ধ পৰিচালিত হয় আবেগ আৰু দুৰাকাঙ্খাৰ চাপত। কেতিয়াবা যুদ্ধক ৰূপ দিয়ে প্ৰতিহিংসাই।
যুদ্ধ ঘৰুৱা কথাতো হয়, দলীয় ৰূপতো হয়। গৃহ কন্দলেও প্ৰায়েই নাম পায়, ‘কুৰুক্ষেত্ৰ’ৰ। সীমা বিবাদেও কেতিয়াবা ‘কুৰুক্ষেত্ৰ’ৰ ৰূপ লয়।
যুদ্ধ, আদিম সভ্যতাৰ কালতো হৈছিল। আলেকজেণ্ডাৰ, অশোক তথা বিক্ৰমাদিত্যৰ দিনতো হৈছিল। ৰাম-ৰাৱণৰ যুদ্ধ আছিল – আৰ্য্য-অনাৰ্য্যৰ সংঘাত। দেৱতা, মানৱ, অসুৰৰ মাজত হোৱা যুদ্ধৰ পৰিকল্পনা – বহুত আগতেই তৈয়াৰ কৰা হৈছিল।
অনাৰ্য্য শক্তিক বশীভুত কৰাৰ পৰিকল্পনাতো নাৰীক উপকৰণ হিচাপে ব্যৱহাৰ কৰা হৈছিল। তথাপি ৰামৰ চিন্তাত নাছিল যুদ্ধ জয়েৰে দেশ অধিকাৰ কৰাৰ আকাঙ্ক্ষা।
কিন্তু কৌৰৱ আৰু পাণ্ডৱ, দুয়োপক্ষৰে চিন্তাত আছিল যুদ্ধই হওক,কিম্বা চলে-বলে, কৌশলেৰে হস্তিনাপুৰৰ অধিকাৰ হস্তগত কৰা। পাণ্ডৱৰ লক্ষ্য আছিল – নিজৰ শক্তি আৰু শ্ৰীকৃষ্ণৰ কৌশল একত্ৰিত কৰি হস্তিনাপুৰত নিজৰ আধিপত্য বিস্তাৰ কৰা।
কৌৰৱ কুলৰ ৰাণীৰ গৰ্ভত দেৱতা ৰূপে জ্ঞান কৰা (অজ্ঞাত) পুৰুষৰ ঔৰসত যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱৰ জন্ম হৈছিল; তাকো ৰাজভৱনৰ পৰা বহু আঁতৰৰ বনৰ মাজত ।
পাণ্ডু আৰু মাদ্ৰীৰ চিতাৰ জুই নুমাই যোৱাৰ পিছত কুন্তীৰ সৈতে এই পাঁচ শিশুৱে ৰাজভৱনলৈ আহিয়েই ৰাজপুত্ৰৰ অধিকাৰ আয়ত্ব কৰিছিল।
যুধিষ্ঠিৰে নম্ৰতা আৰু অমায়িক স্বভাৱেৰে সকলোৰে মন জয় কৰি নিজৰ ভাৱমূৰ্তি প্ৰতিষ্ঠা কৰিছিল। কিন্তু ভীমৰ স্বভাৱত কেতিয়াও বন্যতাৰ পৰিবৰ্তন হোৱা নাছিল। গোপনে কৰা কীচক বধ আৰু দুঃশাসনৰ ৰক্তপানেৰে পৰৱৰ্তী সময়তো ভীমে তাৰ পৰিচয় অক্ষুন্ন ৰাখিছিল ।
ৰাজবধূ কুন্তীয়ে বহুপতি গ্ৰহণ কৰিছিল। কুমাৰী কালত ঋষি দুৰ্বাসাক অপ্যায়ন কৰি তুষ্ট কৰাৰ পুৰস্কাৰ স্বৰূপে কুন্তীয়ে লাভ কৰিছিল এটা কৌশল, যাক কোৱা হৈছে ‘মন্ত্ৰ’ বুলি ।
সেই অভিমন্ত্ৰিত কৌশলেৰে তেওঁ যৌন সম্ভোগৰ বাবে যিকোনো পুৰুষ (দেৱতা)ক আহ্বান কৰিব পাৰিছিল। তেওঁ অভিমন্ত্ৰিত কৌশলৰ সম্পৰীক্ষাৰ বাবে প্ৰথমে আহ্বান কৰিছিল, সূৰ্য্যক ।
তেতিয়া তেওঁ হয়তো ভৱা নাছিল ভৱিষ্যতৰ কথা, ভৱা নাছিল এই কৌশলে পৰোক্ষভাৱে ভৱিষ্যতত হস্তিনাপুৰ ৰাষ্ট্ৰক এখন বৃহত সমৰৰ ক্ষেত্ৰ হিচাপে প্ৰস্তুত কৰাব ।
হস্তিনাপুৰৰ সেই সমৰে সমগ্ৰ ‘ভাৰত’ নামৰ ভূখণ্ডকেই আলোড়িত কৰিব; পুৰুষহীন কৰিব, নিৰ্বীৰ্য্য কৰিব ভাৰত ! সময়ত সেয়াই হৈছিল। পাণ্ডুৰ অক্ষমতা বা অভিশাপৰ অজুহাতত এটা এটাকৈ তিনিটা শক্তিশালী পুত্ৰ কুন্তীয়ে জন্ম দিছিল- দেৱতা নামৰ অন্য পুৰুষৰ সহযোগত।
তাৰ অন্তৰ্নিহিত অৰ্থ এয়াই আছিল – দেশ এখন সুস্থিৰ ভাবে চলাবলৈ হ’লে শক্তিশালী শাসকৰ প্ৰয়োজন। তাৰ লগতে লাগিব শক্তিশালী আৰু বিশ্বাসী পাত্ৰ-মন্ত্ৰী তথা সেনাপতি ।
তাৰ বাবেই কুন্তীয়ে যুধিষ্ঠিৰৰ পিছত জন্ম দিছিল – ভীম আৰু অৰ্জুনক যিয়ে স্বৰাষ্ট্ৰৰ চৌপাশৰ দেশসমূহত থকা শক্তিশালী বীৰসমূহ বিনাশ কৰিব নাইবা শক্তি প্ৰয়োগ কৰি পদানত কৰি ৰাখিব ।
মাদ্ৰীৰ ক্ষেত্ৰত আৰু অলপ বেছি কৌশল প্ৰয়োগ কৰা হৈছিল। একে বাৰতে যমজ ভাতৃ অশ্বিনী-কুমাৰক আমন্ত্ৰিত কৰা হৈছিল আৰু লাভ হৈছিল দুটি পুত্ৰ।
ৰাজপুত্ৰী আৰু কৌৰৱৰ বধূ হিচাপে কুন্তীয়ে ইমান দিনে বুজি উঠিছিল, যে পিতামহ ভীষ্মৰ বয়স হৈ আহিছে আৰু তেওঁৰ শক্তি শেষ পৰ্য্যায়ত উপনীত হৈছে । হ’ব পাৰে, তেওঁ ‘ইচ্ছা মৃত্যু’ – নামৰ এক কৌশলৰ অধিকাৰী, কিন্তু এই পৃথিৱীত কোনো অমৰ নহয়।
শক্তিশালী হোৱাৰ স্বপ্ন সকলোৱে দেখে। সমাজ আৰু সময়ৰ দাবী অনুসৰি তাৰ হয় ৰূপ ভিন্ন, অৰ্থ কিন্তু অভিন্ন। হস্তিনাপুৰৰ আভ্যন্তৰীণ পৰিবাৰ কেন্দ্ৰীক খেলি-মেলিৰ বাবে এখন শক্তিশালী ৰাজ্যৰ মহাৰাণী হোৱাৰ সুযোগ নাপালে যদিয়ো, ৰাজমাতা হোৱাৰ আকাঙ্ক্ষাত কুন্তীয়ে মাদ্ৰীকো পুত্ৰ দুজনৰ পৰা আতঁৰাই এৰি দিছিল পাণ্ডুৰ সৈতে ৰমণ কৰিবলৈ, য’ত পাণ্ডুৰ মৃত্যু অৱধাৰিত বুলি তেওঁ নিশ্চিত আছিল । তাৰো অন্তৰ্নিহিত কাৰণ এয়ে- যাতে তেওঁৰ কৰ্তৃত্বত কাৰো হস্তক্ষেপৰ অৱকাশ নাথাকে।
দ্বিতীয় বাৰো কুন্তীয়ে একে কৌশলকে অৱলম্বন কৰিলে নিজৰ পাঁচ পুত্ৰৰ মাজত দ্ৰৌপদীক উমৈহতীয়া পত্নী ৰূপে বান্ধি দি । কাৰণ একেটাই – এখন শক্তিশালী ৰাষ্ট্ৰৰ ৰাজত্ব। দুজনী মাতৃ আৰু পাঁচজন পিতৃৰ ঔৰসত জন্ম লোৱা শক্তিশালী বীৰকেইজনক দ্ৰৌপদীয়ে একে ভূমিতে বান্ধি থ’লে ।
সেয়া প্ৰেম নে শৰীৰ কেন্দ্ৰীক আকৰ্ষণ, বুজি পোৱা কঠিন । কিন্তু এইটো ঠিক যে দ্ৰৌপদীয়ে কৌৰৱ কুলৰ ওপৰত প্ৰতিশোধ পূৰণৰ বাবে আটাইকেইজন ভাতৃক অহৰহ প্ৰেৰিত কৰি আছিল।
নিজৰ প্ৰতিশোধ পূৰণ কৰিবলৈ যাওঁতে, প্ৰকৃত অৰ্থত দ্ৰৌপদী হৈ পৰিছিল ছিন্নমূল। কোনো এজন স্বামীৰেই দ্ৰৌপদীৰ প্ৰতি আন্তৰিক আনুগত্য নাছিল।
কাৰণ, প্ৰতিজন পাণ্ডৱৰ নিজৰ নিজৰ পত্নী আছিল, আছিল পুত্ৰ! আনকি ধৰ্মৰাজ যুধিষ্ঠিৰে যাজ্ঞসেনীক কেৱল পণ্য হিচাপে গণ্য কৰিছিল। যাৰ বাবে তেওঁক পাশা খেলত পণ হিচাপে ব্যৱহাৰ কৰিবলৈ দ্বিধাবোধ কৰা নাছিল।
ইপিনে, মদ্ৰ দেশৰ পৰা আহি হস্তিনাপুৰৰ অন্ন-পানী গ্ৰহণ কৰা ৰাজকুমাৰ শকুনিৰ অহৰহ প্ৰচেষ্টা আছিল ৰাজকুল ধ্বংস কৰা । তাৰ বাবে তেওঁ ৰাজকুলৰ মাজতে তাৰ অস্ত্ৰ তৈয়াৰ কৰি লৈছিল।
দুৰ্যোধনৰ দাবীৰ যুক্তিযুক্ততা উলাই কৰিব নোৱাৰি। ৰাজমহলৰ পৰা আঁতৰত কোনোবা অজ্ঞাত পুৰুষৰ ঔৰসত জন্ম হোৱা ল’ৰা কেইজনক কৌৰৱকুলৰ ৰাজকুমাৰ বুলি মানি লোৱাৰ ভিত্তি ক’ত?
কিন্তু পিতামহ ভীষ্ম আৰু মন্ত্ৰী বিদুৰৰ সহানুভূতি সদায়ে পাণ্ডৱ কুলৰ পক্ষত আছিল আৰু তেওঁলোকৰ দৃষ্টিভংগী সঘনে দুৰ্যোধনৰ বিপৰীতে গৈছিল।
কিবা এটা কাৰণত তেওঁলোকে কুন্তী আৰু মাদ্ৰীৰ সন্তাকেইটাক সদায়েই শুদ্ধ আৰু ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক ভুল প্ৰতিপন্ন কৰাৰ চেষ্টাত ব্ৰতী হৈছিল।
তাৰ বাবে তেওঁলোকৰ প্ৰতি দুৰ্যোধনৰ মনত সৃষ্টি হৈছিল প্ৰচণ্ড ঘৃণা।
ঘৃণা আছিল দ্ৰৌপদীৰ – কৰ্ণ আৰু দুৰ্যোধনৰ প্ৰতি। ঘৃণা আছিল সকলোৰে – সুতপুত্ৰ কৰ্ণৰ প্ৰতি। সেই ঘৃণা প্ৰশমনৰ বাবে কুন্তীয়ে জন্ম দি নিয়তিৰ হাতত এৰি দিয়া কৰ্ণৰ প্ৰতি কোনো অনুকম্পা নাছিল ।
কৰ্ণৰ জন্ম বৃত্তান্ত কুন্তীয়ে আগতে প্ৰকাশ কৰি দিয়া হ’লে হয়তো কুৰুক্ষেত্ৰৰ যুদ্ধখনেই নহ’লহেঁতেন। কৰ্ণ আৰু অৰ্জ্জুনৰ মাজত শত্ৰুতা অঙ্কুৰিত হোৱা পৰিবেশৰ সৃষ্টিয়েই নহ’লহেঁতেন।
কিন্তু যেতিয়া কৰ্ণৰ পৰাক্ৰমে পঞ্চ-পাণ্ডৱৰ বাবে সংকট ঘনীভূত কৰিলে, কুন্তীয়ে বুজিলে কৰ্ণক নিৰস্ত নকৰিলে তেওঁ ইমান দিনে মনত সাঁচি ৰখা আশা পূৰণ হোৱাৰ সম্ভাৱনা ক্ষীণ।
মাতৃ হৈয়ো তেওঁ সুবিধা ল’লে – কৰ্ণৰ ‘দান’-নামৰ নৈতিকতা সমৃদ্ধ দুৰ্বল অনুভূতিৰ !
অস্পৃশ্যতা আৰু প্ৰতিশোধৰ পূৰ্ণ প্ৰতিফলন ঘটিছে গুৰু দ্ৰোণৰ চিন্তাত। একলব্যক প্ৰতাৰণা কৰি দ্ৰৌপদৰ ওপৰত প্ৰতিশোধ ল’বলৈ ধীৰে ধীৰে প্ৰস্তুত কৰি তুলিছে অৰ্জ্জুন নামৰ সফল যোদ্ধাজনক ।
তাৰ বিপৰীতে সেই অৰ্জ্জুনকেই দ্ৰোণ হত্যাৰ অস্ত্ৰ হিচাপে তৈয়াৰ কৰিছে দ্ৰৌপদে – পাঞ্চালীক আগত ৰাখি ।
বনবাসৰ পৰা ঘূৰি অহা পাণ্ডৱে নিজৰ শক্তি- সামৰ্থ্যৰ জড়িয়তে নতুন দেশ এখন জয় কৰি ল’ব নোৱাৰাৰ কোনো কাৰণ নাছিল নাইবা নতুনকৈ ৰাজ্য এখন প্ৰতিষ্ঠা কৰি ল’বও পাৰিলেহেঁতেন।
যিহেতু শ্ৰীকৃষ্ণ তেওঁলোকৰ পথ প্ৰদৰ্শক আছিল আৰু তেওঁ নিজৰ বাবেও দ্বাৰকা নগৰী প্ৰতিষ্ঠা কৰিছিল । কিন্তু তেওঁলোকে তেনেকুৱা কথা নাভাবি – পাঁচখন গাঁৱৰ সীমাবদ্ধতাকো স্বীকাৰ কৰিবলৈ প্ৰস্তুত হৈছিল । তথাপি হস্তিনাপুৰৰ ভূমিৰ মোহ ত্যাগ নকৰে।
শ্ৰীকৃষ্ণৰ চৰিত্ৰ আৰু জটিল। তেওঁ জানে – যুদ্ধ কাৰো বাবেই সমৃদ্ধিৰ কাৰণ নহয়। যুদ্ধই সকলো ধংস কৰিহে জিৰণি লয়। ইতিমধ্যেই তেওঁ কংসৰ পৰা আৰম্ভ কৰি জৰাসন্ধলৈকে সেই সময়ৰ ভাৰতৰ বিভিন্ন ঠাইত থকা মহাযোদ্ধা সকলক কৌশলেৰে নাশ কৰি থৈছিল।
বাকী ৰৈছিল গৈ পৰশুৰামৰ শিষ্য -পিতামহ ভীষ্ম, দ্ৰোণ আৰু কৰ্ণ, দ্ৰোণৰ পুত্ৰ অশ্বত্থামা আৰু অৰ্জুন-পুত্ৰ অভিমন্যু।
কুৰুক্ষেত্ৰত থিয় হৈ নিজ কুলৰ বিনাশৰ বাবে অৰ্জ্জুনে যুদ্ধ নকৰাৰ বাবে সিদ্ধান্ত লোৱাৰ মূহুৰ্তত যুদ্ধখন যাতে বন্ধ হৈ নাযায়, তাৰ বাবে কৃষ্ণই বাৰে বাৰে অৰ্জুনক উৎসাহিত কৰিছিল ।
অৰ্জ্জুনক যুদ্ধৰ বাবে প্ৰেৰিত কৰিবলৈ যাওঁতে ভাগৱদ্গীতাৰ দৰে অনবদ্য মহান গ্ৰন্থৰো সৃষ্টি হৈছিল। তথাপিয়ো কোটি কোটি প্ৰাণৰ কথা পিছ পৰি থাকিল। অৱশেষত যুদ্ধ আৰম্ভ হ’ল।
তেওঁ ভগৱান। নিশ্চিত ভাবে ৰোধ কৰিব পৰা যুদ্ধখন বন্ধ নকৰি সেই জ্বলা জুইত ঘীঁ ঢালি ৰং চোৱা এজন কুটনীতিজ্ঞ হৈছে কৃষ্ণ। প্ৰভূত্ব বিস্তাৰৰ অন্তৰ্নিহিত আকাঙ্ক্ষা এনে এটা বস্তু – য’ত অসংখ্য জীৱন-সম্পদৰ নাশ নিশ্চিত কৰি হ’লেও তাৰ পটভূমিত নিজৰ স্বকীয় ভাবমূৰ্তি প্ৰতিষ্ঠাৰ প্ৰচেষ্টা বৰ্তি থাকে ।
সংঘাটপূৰ্ণ অৱস্থা পৰিবৰ্তিত কৰিয়ো শ্ৰীকৃষ্ণই নিজৰ ভাৱমূৰ্তি প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন! কিন্তু নকৰিলে। নহ’লে যে তেওঁৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন নহ’ব! অনেক ঋষিৰ (?) বহু সাধনা-লব্ধ বিধংসী অস্ত্ৰ-শস্ত্ৰসমূহ অথলে যাব।
প্ৰদৰ্শন নহ’লে সেই বিধংসী অস্ত্ৰসমূহৰ প্ৰকোপ বা শক্তিৰ কথা কোনেও নাজানিব। তাৰ সংহাৰী চমৎকাৰীত্ব লোক চক্ষুৰ আঁৰত নিঃশেষ হৈ যাব। বিধংসী অস্ত্ৰসমূহৰ শক্তিৰ সম্পৰীক্ষাৰো হয়তো আৱশ্যক আছিল। গতিকে সেইবোৰ প্ৰয়োগ কৰিবলৈ এখন মহাযুদ্ধৰ প্ৰয়োজন শ্ৰীকৃষ্ণই অনুভৱ কৰিছিল।
‘ ধৰ্ম যুদ্ধ’ – নামেৰে বিভূষিত কৰিলেও অন্যায় কৰাত কোনোপক্ষ কম নাছিল। কিন্তু অন্যায়ৰ সকলো ভাগ গৈছিল দুৰ্যোধনৰ পক্ষলৈ।
ৰামায়ণৰ বালিক কৰা অন্যায় হত্যাক ঢাকি থোৱা হ’ল ৰামৰ ‘সামজিক ন্যায়’ ৰ চাদৰেৰে। সেইদৰে কুৰুক্ষেত্ৰৰ যুদ্ধকো ন্যায্যতা প্ৰদান কৰা হ’ল – ‘ধৰ্ম সংস্থাপন’ৰ ঐন্দ্ৰজালিক এক আপ্তবাক্যৰে।
অৱশেষত ধৰ্মৰ বিজয় ঘোষিত হ’ল। কিন্তু মানুহ নোহোৱা ৰাষ্ট্ৰ এখনত, শ্ৰীকৃষ্ণই কেনে ধৰণৰ ধৰ্ম সংস্থাপন কৰিলে নাইবা যুধিষ্ঠিৰে কি নীতিৰে, কোনবোৰ প্ৰজাক শান্তি-সমৃদ্ধিৰে পালন কৰিলে সেয়া দুৰ্বোধ্য হৈ ৰ’ল।
ওপৰত বৰ্ণনা কৰা কথাবোৰৰ বাবে বৰ্তমানৰ এখন কুৰুক্ষেত্ৰৰ কথা মনলৈ আহিছে। আজিৰ কুৰুক্ষেত্ৰ আধুনিক। তাৰ অৱস্থিতিও ভাৰতত নহয়। তথাপিয়ো ভাৰত তথা সমগ্ৰ বিশ্বৰ সম্বন্ধ জড়িত হৈ আছে এই আধুনিক’ কুৰুক্ষেত্ৰ’ৰ সৈতে।
অষ্ট্ৰিয়া-হাংগেৰীৰ সিংহাসনৰ উত্তৰাধিকাৰী ফাৰ্ডিনাণ্ডক ছাৰ্বিয়াৰ ছাৰাজেভ’ত হত্যা কৰিছিল যুগ’শ্লাভৰ জাতীয়তাবাদী নেতা গেভ্ৰিল’ প্ৰিন্চিপে।
Read more–भूखी माता की कथा | Bhukhi Mata Temple
গেভ্ৰিল’ প্ৰিন্চিপে ইচ্ছাকৃত ভাবে ফাৰ্ডিনাণ্ডলৈ গুলী চলোৱা নাছিল। ফাৰ্ডিনাণ্ডৰ দুৰ্ভাগ্যই টানি আনিছিল প্ৰিন্চিপেৰ বন্দুকৰ বেৰেলেৰে ওলোৱা সেই গুলীটোক।
তাৰ আপেক্ষিক প্ৰতিক্ৰিয়া ইমানেই প্ৰৱল আছিল যে গোটেই পৃথিৱীৰ অলেখ মানুহৰ জীৱন আলোড়িত হৈছিল। নিযুত নিযুত মানুহৰ জীৱন বন্তি নিৰ্বাপিত কৰিবলৈ তাৰ শক্তি আছিল অপ্ৰতিৰোধ্য।
কোনে জানিছিল সেই আপদীয়া বা অভিশপ্ত গুলীটোৱে সমগ্ৰ পৃথিৱীত প্ৰাণ হৰণ কৰিব যুদ্ধ বুজি নোপোৱা ৯৭২১৯৩৭ জন সাধাৰণ নাগৰিকৰ আৰু যুদ্ধত ভাগ লোৱা ৬৮২১২৪৮ জন সৈনিকৰ?
যুদ্ধত মানুহ নিহত হোৱা স্বাভাৱিক কথা । সেয়া যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ। কিন্তু অপ্ৰত্যাশিত ভাবে নিহত হৈছিল পাঁচ মিলিয়ন লোক। খাদ্যৰ নাটনিত, বেমাৰৰ আক্ৰমণত আৰু কিমান লোক নিহত হৈছিল তাৰ হিচাপ কোনে ৰাখিছিল ?
read more—আজাদী কে অমৃত মহোৎসৱ
সেইবোৰ দেখি শুনি এনে ভাব হয় যেন সভ্য হ’বলৈ মানুহে কোনো দিনেই নিশিকিলে ।
সভ্যতাই মানুহক যেন অধিক কুটিল, অধিক হিংসুক কৰিহে তুলিছে।
উন্নত বিধংসী অস্ত্ৰ-শস্ত্ৰ, ৰাডাৰ, তীব্ৰ বেগী মানৱ বিহীন যান, আৰু প্ৰযুক্তি কৌশলৰ অধিকাৰী হৈ সেইবোৰৰ শক্তিৰ দ্বাৰা পৃথিৱী শাসন কৰাৰ বাবে উন্মত্ত হৈ পৰিছে সভ্যতাৰ চৰম শিখৰত আৰোহণ কৰা মানুহ ।
আজিৰ পৃথিৱীখন সকলো ক্ষেত্ৰতে ভিন্ন । আজিৰ কুৰুক্ষেত্ৰও ভিন্ন। পৃথিৱীৰ সকলোতে যুদ্ধৰ সমাবেশেৰে যেন একো একোখন কুৰুক্ষেত্ৰ ৰচিত হ’ব লাগিছে । তাত কৌৰৱ পাণ্ডৱৰ পৰিচয়ো ভিন্ন। কৌশলো ভিন্ন।
এইবাৰ শকুনিৰ ভূমিকাত আমেৰিকা। কৃষ্ণৰ উপস্থিতি তাৎপৰ্যহীন। ইয়াতো বিশ্বৰ কোটি কোটি সাধাৰণ মানুহৰ জীৱনৰ কথা চিন্তনীয় নহয়। চিন্তা কেৱল কেৱল শক্তি প্ৰদৰ্শন আৰু আধিপত্য বিস্তাৰৰ ।
(আগলৈ)