কুৰুক্ষেত্ৰ(২)
দেশ এখন সমৃদ্ধিশালী হোৱাৰ মৌলিক উপকৰণ হৈছে – দেশখনত বসবাস কৰা সাধাৰণ মানুহবোৰৰ সমূহীয়া পৰিশ্ৰমৰ যৌথ সন্মিলন।
কোনো শাসকৰ বাহুবলত নহয়। সাধাৰণ নাগৰিকে পৰিশ্ৰম কৰি সমৃদ্ধিশালী কৰা দেশ ইউক্ৰেইন আজি ধংসস্তুপত । তাত কিমানজন মানুহ বাচি আছে তাৰ হিচাপো হয়তো কাৰো হাতত নাই।
কিন্তু ইউক্ৰেইনৰ শাসকে এতিয়াও ভাবি আছে – যুদ্ধত জয়ী হ’ব। সেই বিশ্বাসৰ ভিত্তি ক্ৰমশঃ ক্ষীণ হৈ আহি আছে। তথাপিয়ো কিবা প্ৰকাৰে জিকিলেই যেনিবা, যুদ্ধ জিকি উঠি ধংসস্তুপৰ ওপৰত বহি তেওঁ কাক শাসন কৰিব?
Read more—কুৰুক্ষেত্ৰ (১)
কেনেকৈ প্ৰস্তুত কৰিব আগৰ দৰে এখন ৰাষ্ট্ৰ? সেই কথা এবাৰ ভাবি চালে হয়তো যুদ্ধখন এৰাই চলিব পৰা গ’লহেঁতেন। কিন্তু নিজৰ অহংকাৰ ত্যাগ কৰে কেনেকৈ?
সেই অহংকাৰৰ সন্মুখত সাধাৰণ মানুহৰ যাতনা অৰ্থহীন। মানুহে এপদ এপদকৈ গঢ়ি লোৱা সম্পত্তি, সুখী জীৱন একোটা, শিশুৰ ভৱিষ্যত – এইবোৰত দেশখনৰ শাসকজনৰ বাবে মূল্য দিব লগীয়া একো কথাই নহয়।
এই কথা ইতিহাসে বাৰে বাৰে প্ৰতীয়মান কৰিছে। কিন্তু শাসকে তাৰ পৰা একো নিশিকে, একো নেদেখে। কোনো শক্তিশালী’ (NATO) বন্ধুৰ আশ্ৰয়ত থকাতকৈ কাৰো আশ্ৰয় নোহোৱাকৈ স্বতঃস্ফুৰ্ত ভাবে দেশ চলোৱা হাজাৰ গুণে শ্ৰেয় বুলি ভবাৰ অনেক থল আছিল আৰু আছে । ইউক্ৰেইনৰ বাবে নাটো’ সংঘৰ স্থিতি কি সেয়া সময়ত সকলোৱে দেখা পাইছে ।
ৰাছিয়াৰ যুক্তি অটল – কোনো কাৰণতে ‘নাট’ (NATO)ক দেশৰ সীমান্তলৈ আহিব নিদিয়ে। মূলতঃ আমেৰিকাৰ উচতনিত ইউক্ৰেইনে সকলো সিদ্ধান্ত লৈ আছে।
নিজৰ সামগ্ৰীক অৱস্থাটো কি পৰ্য্যায় পাইছেগৈ, তাক প্ৰত্যক্ষ কৰাৰ পিছতো ক্ষান্ত হোৱা নাই ইউক্ৰেইনৰ শাসক । আমেৰিকাই নিবিচাৰে – পৃথিৱীৰ পৰা যুদ্ধ নাইকিয়া হওক।
ৰাছিয়াই হয়তো বিচাৰে ইউক্ৰেইনে এবাৰ মাত্ৰ সৰু হৈ দিয়ক। নাইবা একেই আকাংক্ষা – নিজে শক্তিশালী হোৱাৰ। কাহিনীও একেই – অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ প্ৰদৰ্শন ক’ত কৰিব?
কেনেকৈ কৰিব? কিহৰ বাবে এই বিধংসী অস্ত্ৰ-শস্ত্ৰ, যদি তাৰ ক’তো প্ৰয়োগেই নহ’ল ? ৰাছিয়াৰ চিন্তা – বৰ্তমান সময়ত পুৰণি হোৱা, পেলাই দিব লগীয়া অস্ত্ৰ-শস্ত্ৰবোৰ এবাৰ ব্যৱহাৰ কৰি চোৱা যাওক।
তাৰ মাজে মাজে ব্ৰহ্মাস্ত্ৰ এৰাৰ ভাবুকি দি আহিছে ৰাছিয়াই। হয়তো এবাৰ এৰিব চাবও পাৰে। নিজৰ বাবে সকলো সুৰক্ষা নিশ্চিত কৰি আনৰ জীৱনত বিষ প্ৰয়োগ কৰাটো ডাঙৰ ডাঙৰ ৰাষ্ট্ৰৰ বাবে সাধাৰণ কথা।
মহাভাৰৰ কুৰুক্ষেত্ৰতো ব্ৰহ্মাস্ত্ৰৰ প্ৰয়োগ এবাৰ হৈছিল – অশ্বত্থামাৰ দ্বাৰা। দ্বিতীয় বিশ্বযুদ্ধত হোৱা ব্ৰহ্মাস্ত্ৰৰ প্ৰয়োগৰ পৰিণতি সকলোৱে দেখিছে।
পৰমাণু বোমাৰ বিধংসী ক্ৰিয়া দেখিও তাক এবাৰ পৰীক্ষা কৰি চোৱাৰ লোভ নে নিজে অমৰ হোৱাৰ লোভ – সেয়া কেৱল পুটিনেহে জানিব।
দ্বিতীয় বিশ্বযুদ্ধত সাধাৰণ মানুহৰ আলাই- আথানি হৈছিল। তাক লৈ পৃথিৱী নিয়ন্ত্ৰণ কৰা নেতাসকলে সেই কথা বিবেচনা কৰা নাছিল। মানুহ মৰি শেষ হোৱাৰ পিছত বিশ্ব সংঘ (UNO) খুলিছিল।
সেইখনো আছিল পাঁচখন ৰাষ্ট্ৰৰ নিজা শক্তি প্ৰদৰ্শনৰ থলি। আজি বিশ্বসংঘ নিৰৱ।
মানুহৰ আলাই-আথানি হৈছে আৰু হৈয়েই থাকিব। পৃথিৱীখনৰ পৰিবেশ নষ্ট কৰি কোটি কোটি সাধাৰণ মানুহৰ জীৱন বিপন্ন কৰাতেই শক্তিশালী ৰাষ্ট্ৰৰ মূৰব্বীসকলৰ সফলতা।
আমাৰ জীৱনৰ সমৃদ্ধি আৰু মৃত্যুৰো সীমাবদ্ধতাও তাতেই। তাৰ ওপৰতে হয়তো কোনোবাই অশ্বমেধ যজ্ঞৰ ঘোঁৰাও দৌৰাব। প্ৰজাহীন ৰাষ্ট্ৰৰ সম্ৰাট হোৱাৰ আকাঙ্খাত সকলো মত্ত হ’ব ।
শ্ৰীকৃষ্ণ নিৰৱ দৰ্শক।
কিন্তু পৃথিৱীৰ কোটি কোটি মানুহৰ মনত শংকা – মহাযুদ্ধ এখন নহয় যাতে, আণৱিক শক্তিৰ প্ৰয়োগ নহয় যাতে । আমক যুদ্ধ নালাগে। আমি পৃথিৱীক সুন্দৰ ৰূপতে জীয়াই ৰাখিব বিচাৰোঁ। তাৰ বাবে শান্তিহে আমাৰ কাম্য।
“अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते |
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ||”
(হে লক্ষ্ণণ, এই স্বৰ্ণময় লংকাই মোক আকৰ্ষণ নকৰে, জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্ৰেষ্ঠ।)
ড০ আৰ কে বেজবৰুৱা