কুকুৰ , মেকুৰি ঘৰত ৰাখিলে যাব লাগিব জেললৈ

10

কুকুৰ , মেকুৰি ঘৰত ৰাখিলে যাব লাগিব জেললৈ

এতিয়াৰে পৰা কুকুৰ, মেকুৰী পুহিব অৰ্থাৎ ঘৰত ৰাখিব নোৱাৰিব মানুহে। কুকুৰ, মেকুৰী ঘৰত ৰাখিলে যাব লাগিব জেললৈ। এই আজৱ আইন প্ৰণয়ণ হৈছে এখন দেশত । দেশখনৰ চৰকাৰৰ নিয়ম অৱমাননা কৰিব নোৱৰিব দেশখনৰ নাগৰিকে। এই নিষেধাজ্ঞা ইৰাণ চৰকাৰৰ। ইৰাণ চৰকাৰে প্ৰণয়ন কৰা আইন অনুসৰি ইৰাণৰ লোকে ৰাখিব নোৱাৰিব কুকুৰ, মেকুৰী নিজ বাসগৃহত। পাৰ্চী মেকুৰীৰ জন্মস্থান খ্যাত ইৰাণত এতিয়া পাৰ্চী মেকুৰীবোৰ নিজৰ জন্মভূমিতেই নহ’য় সুৰক্ষিত। ইৰাণৰ ৰাজধানী তেহৰাণৰ উদ্যান সমূহত কুকুৰ খোজ কঢ়াটো অপৰাধ বুলি শেহতীয়াকৈ আৰক্ষীয়ে ঘোষণা কৰিছিল। আৰু তাৰেই পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা বিতৰ্কৰ পাছতেই ইৰাণ সংসদে শীঘ্রে ‘পশুৰ বিৰুদ্ধে মানুহৰ অধিকাৰৰ সুৰক্ষা’ নামৰ এক বিধেয়ক অনুমোদন কৰিবলৈ গৈ আছে। আৰু এই অনুমোদন সম্পন্ন হোৱাৰ পিছত সমগ্ৰ দেশতে মানুহে কুকুৰ,মেকুৰীৰ দৰে পোহনীয়া জন্তু ঘৰত ৰখাটো অপৰাধ হৈ পৰিব। ইয়াৰোপৰি এই আইন অনুসৰি মেকুৰী, কাছ, শহাৰ দৰে আন বহুতো জন্তুৰ আমদানি, কিনা-বেচা, পৰিবহন আৰু ৰখাৰ বাবেও নিম্নতম প্ৰায় ৮০০ ডলাৰ জৰিমণা ভৰিব লগা হ’ব পাৰে।
প্ৰথমাৱস্থাত ইৰাণৰ গাঁৱবোৰত কুকুৰ ৰখাটো এক সচৰাচৰ বিষয় আছিল, কিন্তু যোৱা কেইটামান শতিকাসমূহত চহৰসমূহতো পোহনীয়া জন্তু ৰখাটো এক নগৰীয়া জীৱনশৈলীৰ প্ৰতীক হৈ পৰিছে। ১৯৪৮ পশু কল্যাণ আইন প্ৰণয়ন কৰা পশ্চিম এছিয়াৰ কেইখনমান দেশৰ ভিতৰত ইৰাণো এখন আছিল। আনকি ইৰাণ চৰকাৰে দেশত পশুৰ অধিকাৰৰ প্ৰচাৰৰ বাবে সংগঠন সৃষ্টি কৰাতো অংশ লৈছিল। ইয়াৰোপৰি দেশখনৰ ৰাজপৰিয়ালতো কুকুৰৰ লগতে আন পোহনীয়া জন্তু আছিল। পশুৰ অধিকাৰৰ হকে চিন্তা-চৰ্চা কৰাৰ লগতে বিভিন্ন ধৰণৰ ব্যৱস্থাপনা গ্ৰহণ কৰি অহা চৰকাৰখনে কিয় সমগ্ৰ দেশতে জাৰি কৰিলে পশু বিৰোধী আইন? অৱশ্যে ১৯৭৮ চনত ইৰাণত সংঘটিত হোৱা ইচলামিক বিপ্লৱে সলনি কৰিলে ইৰাণৰ লোকসকলৰ আৰু পোহনীয়া জন্তুবোৰৰ জীৱনৰ সৈতে সম্পর্কিত বহুতো বিষয়। ইচলামত জন্তুক অশুদ্ধ বুলি গণ্য কৰা হয়। ইয়াৰোপৰি বছৰ বছৰ ধৰি ইৰাণৰ ওপৰত আৰোপ কৰা পশ্চিমীয়া অৰ্থনৈতিক নিষেধাজ্ঞাৰ দ্বাৰা সৃষ্টি হোৱা অৰ্থনৈতিক সংকটেও এই নতুন বিধেয়কখন প্ৰৱৰ্তণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
এই বিধেয়কৰ বিৰোধিতা কৰি ইৰাণৰ পশু চিকিৎসা সন্থাৰ সভাপতি ডা. পায়ম মোহেবিয়ে কয় যে এই বিধেয়কখনক লৈ বিতৰ্কৰ আৰম্ভ প্ৰায় এক দশকৰ আগতেই হৈছিল। সেই সময়ত ইৰাণৰ সংসদৰ এটা দলে সকলো কুকুৰ জব্দ কৰি চিৰিয়াখানা নাইবা মৰুভূমিত এৰি দিবলৈ আইন প্ৰণয়ন কৰিছিল। বিগত বছৰত দুবাৰকৈ এই বিধেয়কখন সংশোধন কৰা হৈছে। আনকি কুকুৰৰ মালিকসকলক শাৰীৰিক শাস্তি দিয়াক লৈও চৰ্চা আৰম্ভ কৰিছিল।

International Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here