কাৰ্যালয়তে প্ৰহাৰৰ বলি হ’ল বনকৰ্মী

0
722
Ne india ছয়গাঁও:  সমগ্ৰ দক্ষিণ কামৰূপত এতিয়া বনজ সম্পদৰ নামত ব্যৱসায়ী আৰু বনকৰ্মীৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত। পশ্চিম কামৰূপ বন সংমণ্ডলত এতিয়া কেৱল অৰাজক পৰিৱেশ। বামুণিগাও বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ ৰতনপুৰ বিটৰ খণ্ডৰ বন বিষয়া ভূপেন শৰ্মা আৰু বনকৰ্মী গিয়াজুদ্দিন আহমেদক চোৰাং কাঠ ব্যৱসায়ী মাখন ৰাভাৰ নেতৃত্বত দেওবাৰে পুৱা অহা ৫ জনীয়া দল এটাই কাৰ্যালয়ত প্ৰৱেশ কৰি খেদি খেদি লাঠিৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে। প্ৰহাৰ কৰি বাইক ,মবাইল আদিও লুটি নিলে। বনৰক্ষী দুজনে প্ৰাণটোকে হাতত লৈ কোনোমতে পলায়ন কৰি প্ৰাণ ৰক্ষা কৰিলে৷  যদিও সম্প্ৰতি জি এন আৰ চিত চিকিৎসাধীন দুয়োগৰাকী বনকৰ্মী ভূপেন শৰ্মা আৰু গিয়াজুদ্দিন আহমেদ‌। আনহাতে শণিবাৰে নিশা কুকুৰমাৰাৰ খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ এটি দলে নম্বৰ বিহীন বালিভৰ্তি ট্ৰাক জব্দ কৰিবলৈ গৈ দুৰ্বৃত্তৰ হাতত প্ৰহৃত হ’ল অজিত চৌধুৰী, বীৰেণ নাথ আৰু হীতেশ বৰুৱা নামৰ তিনিবনকৰ্মী । চোৰাং কাঠ ব্যৱসায়ী মাখন ৰাভাকে ধৰি ৫ জনীয়া দলটোৰ বিৰুদ্ধে ছয়গাও থানাত ভোক্তভোগী কেইজনে গোচৰ দিলে যদিও আৰক্ষী কিমান দূৰ সফল হব সেয়া সময়েহে কব। আনহাতে বিজয়নগৰ আৰক্ষী চকীতো এক গোচৰ ৰুজু কৰিছে। সম্প্ৰতি দক্ষিণ কামৰূপত বনজ সম্পদৰ ব্যৱসায়ৰ নামত সৃষ্টি হোৱা সংঘাতক বনমন্ত্ৰীয়ে কিদৰে নিয়ন্ত্ৰণ কৰে সেয়া সময়েহে কব।
বিপুল দাস ছয়গাঁও NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here