Sunday, March 26, 2023
HomeAssameseকাৰ্বি আংলঙত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

কাৰ্বি আংলঙত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

কাৰ্বি আংলঙত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

বিগত ১৫ জুন বুধবাৰে, কাৰ্বি আংলঙৰ ডিফুত ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। উক্ত সভাত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ শেহতীয়া নিৰ্বাচনত দলৰ প্রতি দেখুওৱা ৰাইজৰ আস্থা আৰু বিশ্বাসৰ চিনস্বৰূপ বিজয়ত সকলো নৱনিৰ্বাচিত সদস্যক অভিনন্দন জ্ঞাপনৰ লগতে ৰাইজৰ জ্ঞাতাৰ্থে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ঘোষণাসমূহ হ’ল-
* চলিত বর্ষত ৬ লাখ নতুন হিতাধিকাৰী সংযোজনৰ লগতে ছেপ্টেম্বৰৰ পৰা অৰুণোদয়ৰ ধন বৃদ্ধি কৰি ১,২৫০ টকা কৰাৰ সিদ্ধান্ত। ৭ জুলাইৰ পৰা ৰাষ্ট্রীয় শিক্ষার্থী বাহিনীৰ কেডেটসকলে হিতাধিকাৰীসকলৰ যোগ্যতা পৰীক্ষা কৰিব
* মিছন ভূমিপুত্ৰৰ অধীনত নৱমৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্রীয়ে বিদ্যালয়তে লাভ কৰিব জাতিগত প্ৰমাণ পত্র
* অহা ২ অক্টোবৰৰ পৰা অসম সচিবালয়কে ধৰি জিলা কাৰ্যলয়সমূহত কাম-কাজসমূহ ‘ই-অফিচ’ প্ৰক্ৰিয়াৰ দ্বাৰা সম্পাদন
* ৰাষ্ট্রীয় ঘাইপথৰ কামত চাহ বাগিচাৰ মাটি অধিগ্রহণৰ বাবে মালিকসকলে লাভ কৰা প্ৰতিটো ৰাশিৰ এটা অংশ শ্ৰমিকসকলেও লাভ কৰাটো সুনিশ্চিত কৰিব
* হিন্দুস্তান পেপাৰ কৰ্প’ৰেচনৰ কৰ্মচাৰীসকললৈ ৩০ জুনৰ ভিতৰত ৫০০ কোটি টকাৰ বিত্তীয় পেকেজ মুকলি
* প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ সুনিশ্চিত কৰিবলৈ ৬,৫০০ টকা মাহেকীয়া পাৰিতোষিকেৰে ২৬,০০০ ‘জলমিত্ৰ’ নিযুক্তি
* সেউজ শক্তিক অগ্ৰাধিকাৰ প্ৰদান কৰি অহা ৪ বছৰত অসমত ২০০০ মেগাৱাট সৃষ্টি কৰি অসমক দেশৰ ভিতৰত উল্লেখযোগ্য বিদ্যুৎ উৎপাদনকাৰী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য নিৰ্ধাৰণ
* কৃষকক নূন্যতম সমৰ্থন মূল্য প্ৰদান কৰি গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ দিশত ৮০০ কোটি টকা ব্যয়
* অহা চাৰি বছৰৰ ভিতৰত ২৪ লাখ মেট্রিকটন ধান ক্ৰয়ৰ দ্বাৰা কৃষি অৰ্থনীতি ৫০০০ কোটিলৈ উন্নীতকৰণৰ লক্ষ্য নিৰ্ধাৰণ
* ‘অগ্নিবীৰ’ হৈ সেনাবাহিনীত ৪ বছৰ কাম কৰি উভতি অহা যুৱচামক অসম আৰক্ষীৰ নিযুক্তিত অগ্ৰাধিকাৰ
* নূন্যতম সমৰ্থন মূল্যত সৰিয়হ ক্ৰয় কৰাৰ বাবে অসম চৰকাৰৰ দ্বাৰা প্ৰচেষ্টা গ্ৰহণ
* কৃষক সন্মান নিধিৰ সুবিধাসমূহো যাতে কৃষকসকলে লাভ কৰিব পাৰে সেই বিষয়তো গুৰুত্ব প্ৰদান
* ৰেচন কার্ডৰে আধাৰ কাৰ্ড সংযোগ কৰি যোগ্য হিতাধিকাৰীক ৰেচনৰ সুবিধা প্রদানত গুৰুত্ব

ৰাজ্যৰ প্রতিটো শ্রেণীৰ জনসাধাৰণৰ কল্যাণাৰ্থে বিজেপি চৰকাৰৰ অধিক দায়বদ্ধতা আৰু উৎসৰ্গিত মনোভাৱৰ আন এক প্ৰতিফলন হিচাপে এই ঘোষণাসমূহ শীঘ্রে কাৰ্যকৰীকৰণত সকলোপ্ৰকাৰৰ যাৱতীয় ব্যৱস্থা লোৱা হব বুলি মন্তব্য কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments