The Kashmir Files ছবিখন মুক্তি পোৱাৰ পিচতে হতাশাত ভুগিছিল বিচ্চিন্নতাবাদী শক্তিসমুহে । কাশ্মীৰি পণ্ডিতৰ মৰ্মবেদনা জীৱন্ত ৰুপত ডাঙি ছবিখনে দেশে বিদেশে ভুয়ুসী প্ৰশংসা লাভ কৰিছিল । দাবী উঠিছিল জম্মু- কাশ্মীৰত কাশ্মীৰি পণ্ডিক পুনঃসংস্থাপনৰ ।
The kashmir files ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে টুইটাৰৰ যোগে প্ৰচাৰ এক পোষ্টে চিন্তিত কৰি তুলিছে সচেতন জনতাক । সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-তৈবাই ‘কাফিৰো কে পত্ৰ’ নামৰ এক ভাবুকি পত্ৰ জাৰি কৰিছে । এই পত্ৰ চচিয়েল মিডিয়াৰ যোগেৰে শ্বেয়াৰ কৰি পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে লিখিছে ‘ আল্লাক অনুসৰণ নকৰা অনা মুছলমানক মৃত্যৰ ভাবুকি ‘ ।
সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-তৈবাই প্ৰকাশ কৰা ভাবুকি পত্ৰত কোনো তাৰিখ উল্লেখ কৰা নাই । সন্ত্ৰাসবাদী সংগঠনটোৱে ভাবুকি পত্ৰত উল্লেখ কৰিছে সংগঠনটোৰ কথা মানি নললে কাশ্মীৰী পণ্ডিতে বিষম পৰিস্থিতিৰ মুখামুখি হব লাগিব । কাশ্মীৰি পণ্ডিতে জম্মু-কাশ্মীৰ ত্যাগ কৰিবই লাগিব ।
সন্ত্ৰাসবাদী সংগঠনটোৱে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী নামো উল্লেখ কৰিছে ভাবুকি পত্ৰত । কাশ্মীৰি পণ্ডিত সকলক প্ৰধানমন্ত্ৰী নতুবা গৃহমন্ত্ৰীও ৰক্ষা কৰিব নোৱাৰিব বুলি ভাবুকি প্ৰদান কৰিছে ।
National Desk , Ne India News