কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী

0
252

কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী

কাশ্মীৰৰ পৰা ১০ হাজাৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ ঘোষণা কৰা পাছতে বৃহস্পতিবাৰে পুনৰ অশান্ত হৈ পৰে কাশ্মীৰ
বৃহস্পতিবাৰে পুৱাই সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত একাধিক সংঘৰ্ষ হৈছে।এই  সংঘৰ্ষত মৃত্যু হৈছে তিনি সন্ত্ৰাসবাদী। আৰু উদ্ধাৰ কৰা হৈছে অস্ত্ৰশস্ত্ৰও।
ৰাষ্টীয় সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে, বৃহস্পতিবাৰে পুৱা প্ৰথমটো সংঘৰ্ষ হয় কুলগামত। কাশ্মীৰ আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই সেনাবাহিনীয়ে।অভিযানত মুজাহিদীনৰ সন্ত্ৰাসবাদীৰ সৈতে  গুলীয়াগুলী আৰম্ভ হয় আৰু এক সন্ত্ৰাসবাদী সংঘৰ্ষস্থলীতে নিহত হোৱাৰ লগতে  দুই সন্ত্ৰাসবাদীয়ে পলায়ন কৰে।
হান্দৱাৰাত হোৱা আন এক সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ দুধৰ্ষ কামাণ্ডাৰ নাছিৰুদ্দিন লোনৰ সৈতে এক সতীৰ্থও নিহত হৈছে।
      কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পিছত কাশ্মীৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কেন্দ্ৰ চৰকাৰে কাশ্মীৰলৈ  কেবাটাও নিৰাপত্তাৰক্ষীৰ কোম্পানী প্ৰেৰণ কৰিছিল। ১০ হাজাৰ নিৰাপত্তাৰক্ষী কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব বুলি  ঘোষণা কৰিছিল কেন্দ্ৰই।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here