কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি বিধানসভা সমষ্টিৰ কালিনগৰ গাওঁ পঞ্চায়তত সংঘটিত দুর্নীতিৰ বিৰুদ্ধে সোচ্চাৰ হল কালিনগৰ ছয় নং ৱার্ডৰ স্থানীয় লোক। আচানুল হক, মায়া বাল্মীকি, মিনতি গোৱালা, কানাই লুদৰাই জনাই যে, বিগত কেবা বছৰ ধৰি এই ছয় নং ৱার্ডত চৰকাৰী আঁচনিৰ নামত চলিছে চৰকাৰী ধনৰ আত্মসাৎ আৰু দুর্নীতি। কালিনগৰ গাওঁ পঞ্চায়তৰ সভানেত্রী তাৰামতি কৈৰি সহ ৱার্ড সদস্য সকলৰ বিৰুদ্ধে চৰকাৰী মঞ্জুৰীকৃত আঁচনিৰ কাম নকৰাকৈ আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিলে ছয় নং ৱার্ডৰ স্থানীয় লোকসকলে । MGএনৰেগা, বিশুদ্ধ খোৱা পানী, বিদ্যুৎ সংযোগ, প্রধানমন্ত্রী আবাস, বৃদ্ধ পেঞ্চন, বিধবা পেঞ্চন, অৰুণোদয় আচনিৰ পৰা আৰম্ভ কৰি এনে আৰু বহু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে বুলি অভিযোগ কৰে ছয় নং ৱার্ড জনতাই।
হীৰক বণিক , ৰামকৃষ্ণ নগৰ , Ne India News