কালাইন শিল কোৱাঁ‌ৰিৰ ঘটনাঃ মেচ ফিক্সিং খেল চলিছে নেকি

0
5119

NE INDIA:  কৰিমগঞ্জ বনবিভাগ আৰু কাছাৰ আৰক্ষী প্রশাসন ,এই দুই বিভাগৰ টনাটনিৰ অন্ত পৰিল ৰবিবাৰ নিশা দহ বজাত। ৰবিবাৰ পিচিচিএফ এন কে বাসু তদন্ত সমাপ্ত কৰি যোৱাৰ পিচতেই  বিগত ২২ তাৰিখৰ পৰা কালাইন কোৱাঁ‌ৰিত  আটক কৰি ৰখা ১২ খন শিল ভৰ্তি  ট্রাক চিজ কৰি নিজ জিম্মালৈ নিলে কালাইন আৰক্ষীয়ে। ভু ৰখা মহলৰ  মতে এয়া এখন মেচ ফিক্সিং মেচ । ইয়াৰ কাৰণ নথকা নহয় , বিগত পাঁচদিন  মহালদাৰ, শিল ব্যবসায়ী, শিল শ্রমিকৰ সৈতে কাছাৰ আৰক্ষীৰ ৰচিটনা খেল কিয় চলিল ? ইয়াৰ আৰঁ‌ত  এক গভীর ৰহস্য লুকাই আছে বুলি সন্দেহ কৰিছে জনসাধাৰণে। 
   সূত্রত প্ৰকাশ, ২২ তাৰিখে আবেলি আৰক্ষী আৰু  বনবিভাগে  যৌথভাবে কালাইন শিল কোৱাৰিত তদন্ত আৰম্ভ কৰাৰ পিচতে চাউদার্ণ অসমৰ চিএফ বিনয় গুপ্তা, কৰিমগঞ্জৰ ডিএফও সমীৰ বৈদ্য আৰু কালাইনৰ ৰেঞ্জাৰ দেবজ্যোতি নাথে ১২ খন ট্ৰাকৰ চালান সহ সকলো ঠিক আছে বুলি ক্লীনচিট দিছিল। কিন্তু কাছাৰ আৰক্ষীয়ে সেই ক্লীনচিটক গুৰুত্ব নিদিলে । এই লৈ আৰক্ষী আৰু ব্যবসায়ীৰ মাজত যুজঁ‌ চলিছিল। ৰবিবাৰ পিচিচিএফ এন কে বাসুৱে শিল কোৱাৰিত তদন্ত কৰি যোৱাৰ মাত্র আঠ ঘন্টা পিচতেই আৰক্ষীয়ে ট্রাকসমুহ চিজ কৰে।  আৰক্ষী আৰু বনবিভাগৰ মাজত  চলা অন্তর্দ্বন্দ তথা সমন্বয়হীনতাক লুকুৱাই ৰখাৰ বাবে  মহালদাৰক চাপত পেলাই ডেমেজ কন্ট্ৰলৰ চেষ্টা  চলোৱা হৈছে । 

ৰেঞ্জাৰ দেবজ্যোতি নাথে যিসময়ত ট্রাকসমুহক এৰি দিয়াৰ বাবে ২৪ তাৰিখে কাটিগড়াৰ ওচিক চিঠি ( কেএলএন/১৮(বি)/কালাইন ষ্টোন এম এম ইউনিট-২/২০১৮/৪৭৫-৮০ ) দি জানিবলৈ দিছিল যে ১২ খন ট্রাকৰ তদন্ত প্রক্রিয়া সমাপ্ত হৈছে তথা এইসমুহক গন্তব্যস্থললৈ যাবলৈ দিয়া হওক। চিঠিত আৰু উল্লেখ কৰা হৈছিল যে এই ট্রাকসমুহ যাৱলৈ দিয়া নহয় চৰকাৰী ৰাজহৰ যথেষ্ট ক্ষতি হব তথা মহালদাৰে ডিটেইন চার্জৰ বাবদ  বনবিভাগৰ  ওপৰত দাবি জনাব পাৰে। এই চিঠি পোৱাৰ পিচতেই চৰকাৰী ৰাজহ ক্ষতি হব বুলি অৱগত হৈয়ো আৰক্ষীয়ে গাড়িসমুহক আটক কৰি ৰখাৰ আৰঁ‌ত কি কাৰণ থাকিব পাৰে । আনহাতে পিচিচিএফ বাসুৱে তদন্ত কৰি যোৱাৰ মাত্র আঠঘন্টাৰ পিচতেই এনে  কি যাদু হল যে আৰক্ষীয়ে বিনা বাধায় ট্রাকসমুহ চিজ কৰি লৈ গল ? এইসমুহ  প্রশ্নৰ উত্তৰত সূত্রই জনালে , দুই বিভাগৰ বহু বিযয়া ৰ মাজত অব্যাহত থকা চলা সমন্বয়হীনতা সমাপ্ত কৰিবলৈ ৰবিবাৰে আহিছিল পিচিচিএফ। অনুমান কৰা হৈছে তেওঁ‌ আছলতে  কোনো তদন্ত কৰিবলৈ অহা নাছিল। আৰক্ষী অথবা বন, এই দুই বিভাগৰ কোনোবাটোৰ কোনো চাঁপত পৰিয়েই   মহালদাৰ আৰু ব্যবসায়ীসকলে তেওলোকৰ  পাঁচদিনৰ তথাকথিত ( শ্বো  ক’ল ) আন্দোলনৰ ইতি পেলালে বুলি ধারনা কৰিব পাৰি ।

প্রদীপ্ত পুরকায়স্থ, কাটিগড়া,Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here