কালাইন বিদ্যুৎ বিভাগৰ কর্মীৰ কুকীর্তি! অত্যাচাৰ সহিব নোৱাৰি  মাতৃ দ্বাৰস্থ হল সংবাদমাধ্যমৰ।

0
1533

  এষাৰ কথা আছে , পৃথিবীৰ সকলো  ঋণ পৰিশোধ কৰিব পাৰি ।  কিন্তু মাতৃৰ ঋণ কোনিদিনে  পৰিশোধ কৰিব পৰা নেযায় । কিন্তু শংকৰ পালৰ দৰে কুলাঙ্গাৰ পুত্ৰই মাতৃৰ ঋণ পৰিশোধ কৰাৰ বিপৰীতে ওলোটাই  মাতৃক অশ্রাব্য কুশ্রাব্য গালি গালাজ কৰি ,মাতৃক শাৰিৰীক ভাৱে অপদস্থ কৰি আহিছে । পুৰুষ নামধাৰী এইগৰাকী শংকৰ পাল এগৰাকী চৰকাৰী কর্মচাৰী । কালাইন ইলেকট্রিক্যাল সাবডিভিশনৰ গুমড়া-নাতানপুৰ বিদ্যুৎ  লাইনৰ  লাইনমেন  শংকৰ পাল। মাতৃৰ শেষ সম্বল পৈত্রিক বস্তি দখল কৰা উদ্দেশ্যে ,নিজৰ গর্ভধাৰিণী মাতৃৰ ওপৰত আৰম্ভ কৰিছে  অবৰ্ণনীয় অত্যাচাৰ। যন্ত্রণা সহ্য কৰিব নোৱাৰি কালাইন ব্রাহ্মণগাওঁ‌ৰ  অভাগিনী মাতৃ বিধবা শিবানী পালে মঙ্গলবাৰে দ্বাৰস্থ হয় সংবাদমাধ্যমৰ ওচৰত । ডাঙি  ধৰিলে জেষ্ট্য পুত্ৰ শংকৰৰ কীর্তিকলাপৰ বৃত্তান্ত।  শিবানীদেবী জনালে ,  শংকৰ পুৰ্বতে এনে নাছিল ।

নিজৰ স্ত্রী পুত্র থাকা সত্বেও শংকৰ প্রায় আঢ়ৈবছৰ পুৰ্বে অঞ্চলটোৰে অন্য এগৰাকী ব্যাক্তিৰ স্ত্রীক  পলাই লৈ অহাৰ পিচতেই আৰম্ভ হয় তাৰ অত্যাচাৰ । দ্বিতীয় স্ত্রীৰ প্রৰোচনাতে শংকৰে আৰম্ভ কৰে মাতৃৰ ওপৰত অত্যাচাৰ । তাৰ উদ্দেশ্য একেটাই, কোনো উপায়েৰে শিবানীদেবীৰ নামত থকা স্থাৱৰ সম্পত্তি নিজৰ নামত কৰা ।  এইলৈ বহু বাদ বিবাদৰ পিচত শংকৰে দ্বিতীয় স্ত্রীক লৈ ঘৰ ত্যাগ কৰে।আনফালে সেইসময়ত বৃদ্ধ পিতৃ আছিল কেঞ্চাৰ ৰোগী । উপযুক্ত চিকিৎসাৰ অভাবত পিতৃৰ মৃত্যু হোৱাত , পুনৰ ঘৰলৈ আহি আৰম্ভ কৰে মাতৃৰ ওপৰত অত্যাচাৰ । নিশা ঘৰলৈ আহি  মাতৃক গালিগালাজ কৰাটো তাৰ ৰুটিনৰ লেখিয়া হৈছেগৈ । যোৱা  মাহৰ এদিন, নিশা যেতিয়া  শংকৰে মাতৃৰ ওপৰত মানসিক অত্যাচাৰ চলাই আছিল তেতিয়া সৰু ভাতৃ  শিবুৱে বাধা প্ৰদান কৰে । তেনে সময়তে শংকৰে  পিছলি পৰি মুৰত আঘাত পায় । সেই ঘটনাক লৈয়ে শংকৰে সৰু ভাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । বৰ্তমান উক্ত ঘটনাৰ তদন্ত  চলি আছে । আনফালে  মাতৃ শিবানীদেবী পুত্ৰ এইবোৰ কু কীর্তিৰ কথা লিখিতভাবে জনায় মানবাধিকাৰ কমিচনত । কমিচনৰ সন্মুখত তেও কৈছিল, বৰ পুত্ৰ শংকৰে এদিন তেওঁ‌ক ঘৰৰ পৰা বাহিৰ কৰি দিছিল ,যাৰ ফলত তেও ওৰেটো নিশা বাহিৰত কটাব লগা হৈছিল ।  কমিচনে শুনানিৰ বাবে দুইপক্ষকে আমন্ত্ৰণ জনাইছিল যদিও শংকৰ কিন্ত উপস্থিত নহল শুনানিত। ৬৩ বৰ্ষীয়  বিধবা শিবানী পালে বর্তমানে এসাজ  খাদ্যৰ বাবে আনৰ ঘৰত কাম কৰে ।  চৰকাৰী কর্মচাৰী শংকৰ পালৰ মাতৃ হৈ ও  তেওঁ‌ যি অবস্থাত দিন কটাইছে  সেয়া  সভ্য সমাজৰ বাবে লজ্জাজনক।   শিবানীদেবীয়ে নিৰুপায় হৈ সংবাদমাধ্যমৰ জৰিয়তে অঞ্চলবাসী তথা বিদ্যুৎ বিভাগৰ উর্দ্ধতন কর্মকর্তা আৰু প্রশাসনৰ ওচৰত বিযয়টো সন্ধৰ্ভত সুবিচাৰৰ আবেদন কৰিছে ।

https://youtu.be/t-lv-CQ8qa4?t=2

(প্ৰদীপ্ত পুৰকায়স্থ , কাটিগড়া Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here