কার্যালয়ৰ ভিতৰত জন্মদিন পালন কৰি বিতর্কত কালাইনৰ BDO !

0
1479

NE INDIA: জন্মদিন সকলোৱে পালন কৰৰ , সেয়া ধনীয়েই হওক অথবা সাধাৰণ মানুহেই হওক । কিন্তু এজন চৰকাৰী বিযয়াই যদি চৰকাৰী  সময়ৰ অপচয় কৰি চৰকাৰী কার্যালয়ত হৈ হাল্লা কৰি নিজৰ জন্মদিন পালন কৰে তেন্তে সেয়ালৈ বিতর্ক সৃষ্টি হবই । এনে এক বিতর্ক সৃষ্টি কৰিলে কাটিগড়া বিধান সমষ্টিৰ কালাইন ব্লকৰ খন্ড উন্নয়ন বিযয়া ( বিডিও ) আবুল হুচেইনে। শনিবাৰে হিলাড়াৰ ব্লক কার্যালয়ত অফিচ টাইমত বিডিওৰ টেবিলত কেক কাটি মমবাতি জ্বলাই  “ happy birthday to you ” গীত গাই নিজৰ  জন্মদিন সহাস্য বদনে পালন কৰা দেখা গল বিডিও হুচেইনক। সেই অনুষ্ঠানৰ এখন  ছবি ফেচবুকত পোস্ট হোৱাৰ পিচতে এই ঘটনাক লৈ ব্যাপক বিতর্কৰ সৃষ্টি হৈছে। সাধাৰণ জনতাৰ মতামত অনুযায়ী কালাইন ব্লকৰ ১৫ টা গাওঁ‌ পঞ্চায়তৰ ,গাওঁ‌ উন্নয়ন প্রায় স্তবিৰ হৈ পৰিছে । বিডিও হুচেইনৰ গাফিলতিত প্ৰায় এমাহ আগে ব্লকৰ কম্পিউটাৰৰ পৰা হেৰাই গৈছিল বহু তথ্য ( ডাটা )। এইলৈ খোদ শাসক বিজেপি দলৰ নেতা কর্মীসকলে ক্ষোভ প্রকাশ কৰিছিল। এই অৱস্থাত চৰকাৰী কার্যালয়ত, চৰকাৰী সময়ৰ অপচয় কৰি জন্মদিন পালন কৰাটো কিমান যুক্তিসন্মত ,সেয়ালৈ প্রশ্নৰ উদ্রেক হৈছে জনতাৰ মনত । এইক্ষেত্ৰত কাটিগড়াৰ চাৰ্কোল বিষয়া ওয়াহিদুল ইচলামক প্রশ্ন কৰাত তেওঁ‌ স্পষ্ট ভাৱে জনালে , এইদৰে চৰকাৰী কার্যালয়ত কর্মৰত এগৰাকী চৰকাৰী বিষয়াৰ টেবিলত চৰকাৰী সময়ৰ অপচয় কৰি জন্মদিন পালন কৰা মেনুয়েল নাই। বিডিও হুচেইনে অৱশ্যে  জানিবলৈ দিলে , কার্যালয়ৰ অন্য সহকর্মী সকলে তেওঁ‌ৰ জন্মদিন পালনৰ ব্যবস্থা কৰিছিল। তেওঁ‌  এই সমুহৰ বিষয়ে জ্ঞাত নাছিল।  ঘটনা যিয়েই নহওক কিয় “পৰিবর্তন”ৰ শ্লোগাণ দি শাসনৰ মচনদত উঠা সর্বানন্দ সোণোৱাল চৰকাৰৰ এজন বিষয়াক অফিচ টাইমৰ সময়ত অফিচ চেম্বাৰত জন্মদিন পালন কৰা  দেখি চৰকাৰী কর্মক্ষেত্রত সচায়  “বহু পৰিবর্তন” হৈছে বুলি  স্থানীয় জনগণে মত প্রকাশ কৰিছে ।

প্রদীপ্ত পুৰকায়স্থ, কাটিগড়া  , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here