প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কানাডাত উপস্থিত হৈ ৰবিবাৰে ৯ বজাত এক বিশেষ অনুষ্ঠানত অংশ লব । কানাডাৰ মৰখমত অনুষ্ঠিত অনুষ্ঠানটোত ভাষণ প্ৰদান কৰিব নৰেন্দ্ৰ মোডীয়ে ।
মৰখমস্থিত সনাতন সাংস্কৃতিক কেন্দ্ৰত চৰদাৰ পেটেলৰ প্ৰতিমুৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে । উল্লেখ্য যে সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰ ( SMCC ) ই টৰন্টো অঞ্চলত বসবাস কৰা হিন্দু ধৰ্মালম্বী সকলক সেৱা আগবঢ়াই আহিছে ।
মৰখমত অনুষ্ঠিত হব লগা অনুষ্ঠানত চৰদাৰ পেটেলৰ প্ৰতিমুৰ্তি উন্মোচন কৰাৰ কথা টুইটাৰৰ যোগে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । এই অনুষ্ঠানে প্ৰবাসী সকলক দেশৰ লগত সাংস্কৃতিক সম্বন্ধক অক্ষুণ্ণ ৰখাত গুৰুত্বপুৰ্ণ ভুমিকা লব বুলি টুইটাৰৰ যোগেৰে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে ।
International Desk , Ne India News