কাটিগড়াত অচিনাকি ব্যক্তিৰ মৃতদেহ উদ্ধাৰ 

0
1429
NE INDIA: কাটিগড়াৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া লক্ষীপুৰত শুক্ৰবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷লক্ষীপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভৈৰৱপুৰলৈ যোৱা ৩০ মিটাৰ  পথটোৰ মাজবাটতে উপৰমুৱাকৈ পৰি আছিল মৃতদেহটো ৷বগা চাৰ্ট আৰু নীলা ৰঙৰ জিনছ্ পৰিহিত  মৃতদেহটো এই অঞ্চলৰ নহয় বুলি স্থানীয় ৰাইজে মতপোষণ কৰে ৷পুৱাই মৃতদেহটো দেখা পাই স্থানীয় ৰাইজে ঘাইপথটো অৱৰোধ কৰে ৷মৃতদেহ উদ্ধাৰৰ খবৰ  আৰক্ষীক  দিয়াৰ পাছতো আৰক্ষীয়ে ৩ ঘন্টা পলমকৈ আহি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷মৃতদেহটো আৰক্ষীয়ে লৈ যোৱাৰ পিছতহে স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰি দিয়ে ৷

প্ৰতিবেদক কাটিগড়া ,NEINDIA NEWS

LEAVE A REPLY

Please enter your comment!
Please enter your name here