কাজিৰঙাৰ বৃহৎ অঞ্চল বৰ্তমানেও বানৰ কবলত
ৰাজ্যত অব্যাহত আছে অপৰিৱৰ্তিত বান পৰিস্থিতি। আৰু এই অপৰিৱৰ্তিত ভয়াৱহ বান পৰিস্থিতিৰ পুনৰ বাৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বাঢ়নী পানীৰ কবলত উদ্যানৰ কেইবাখনো অঞ্চল। উদ্যানৰ ২২৩টা বনশিবিৰৰ ৫৭টা বনশিবিৰেই এতিয়া পানীৰ তলত। অগৰাতলী বনাঞ্চলৰ ১৭টা , কহঁৰা বনাঞ্চলৰ ১৫টা, বাগৰী বনাঞ্চলৰ ১১টা, বুঢ়াপাহাৰ বনাঞ্চলৰ ৪টা, বোকাখাত বনাঞ্চলৰ ৩টা আৰু বিশ্বনাথ বন সংমণ্ডলৰ ৭টা বনশিবিৰ জলমগ্ন অৱস্থাত। বৰ্তমানলৈকে ১৭টা বন্যজীৱৰ মৃত্যু সংঘটিত হৈছে তাৰে ভিতৰত ১৬টা হৰিণা আৰু এটা নাহৰফুটুকী। বন্যজীৱক সুৰক্ষা প্রদানৰ বাবে বৰ্তমান বন্যকৰ্মী কৰ্তব্যত নিয়োজিত কৰি থকা হৈছে।
News Desk, Ne India News