বুধবাৰে বৰখলা বিধানসভা সমষ্টিৰ ডলু বজাৰত পথ দূর্ঘটনাত এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। মৃত লোকজনৰ নাম শঙ্কৰ দেৱ (৫৮) । ঘৰ ডলু বস্তিত। ডলু সাপ্তাহিক বজাৰ উপলক্ষে বুধবাৰে পুৱা প্ৰায় ৬-৩০ বজাত মৃত শংকৰে দোকান খোলাৰ উদ্দেশ্যি ঘৰৰ পৰা বজাৰলৈ অহাৰ পথতে শিলচৰৰ দিশৰ পৰা অহা AS 11 CC 1844 নম্বৰৰ দ্রুতবেগী ডাম্পাৰে শংকৰক পিছফালৰ পৰা খুন্দা মাৰি দিয়ে। লগে লগে গুৰুতৰ ভাৱে আহত হয় শংকৰ। আনফালে ঘটনাৰ খবৰ পোৱামাত্ৰকে বৰখলা থানাৰ ওচি বদন চন্দ্র শিম্পো, এচ আই নিলকান্ত দেৱ, এ এচ আই জাকিৰ মজুমদাৰে দলবল সহ ঘটনাস্থলীত উপস্থিত হৈ আহত শংকৰক সংকটজনক অবস্থাত উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাচপাতললৈ পঠিয়াই দিলেও শেষ ৰক্ষা নহল । চিকিৎসা চলি থকা কালতে মৃত্যুক সাৱটি লয় শংকৰে দেৱে। আনহাতে ঘটনাৰ লগে লগে স্থানীয় উত্তেজিত জনতাই কিছুসময় পথ অৱৰোধ কৰিলে আৰক্ষীয়ে ঘাতক ডাম্পাৰৰ চালক ৰমা ভূমিজক আটক কৰে। প্রশাসনৰ পক্ষৰ পৰা সম্পূর্ণ ক্ষতিপূৰণৰ আশ্বাস দিয়াত অৱৰোধ প্রত্যাহাৰ কৰে উত্তেজিত জনতাই।