কাকপথাৰত হিৰ’ইন, ব্ৰাউন চুগাৰসহ ধৃত দুই
কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত লাজুম গাওঁৰ পৰা কালি কাকপথাৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি দুই ড্ৰাগছ সৰবৰাহকাৰীসহ হিৰ’ইন আৰু ব্ৰাউন চুগাৰ জব্দ কৰে। সৰবৰাহকাৰী দুজন ক্ৰমে কমলজ্যোতি মৰাণ(৩২) আৰু পত্নী টিনা মৰাণ(২৬)। দুয়োজনৰ পৰা ৩.৪৬ গ্ৰাম হিৰ’ইন, ১.৭৫ গ্ৰাম ব্ৰাউন চুগাৰ আৰু নগদ ২৫ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
দ্বীপেন লহকৰ ,কাকপথাৰ, Ne India News