কাকপথাৰত সেনাৰ অভিযানত, পিষ্টলসহ কুখ্যাত ডকাইত আটক

0
540

কাকপথাৰত সেনাৰ অভিযানত, পিষ্টলসহ কুখ্যাত ডকাইত আটক

অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিৰাকৰ কঁপাহতলীস্থিত আচাম ৰেজিমেণ্টৰ সেনাৰ দল এটাই ডিৰাকত শনিবাৰে পুৱতি নিশা অভিযান চলাই দুটা পিষ্টলসহ এটা কুখ্যাত ডকাইত আটক কৰিবলৈ সক্ষম হয়৷ সেনাই জানিব দিয়া মতে ডকাইটো শদিয়াৰ ডিক্ৰং গাঁৱৰ অভিনৱ গগৈ (২৭) ওৰফে ধনটি৷ ডকাইতটোৰ পৰা ৭.৬৫ এম:এম আৰু ২.২ এম:এম:ৰ দুটা পিষ্টল, মোবাইল ফোনৰ লগতে কেতবোৰ আপত্তিজনক নথিপত্ৰ জব্দ কৰে৷ সেনাই শনিবাৰে দুপৰীয়া ডকাইতটোক কাকপথাৰ আৰক্ষী থানাত গতাই দিয়ে৷ সেনাই সদৰী কৰা মতে ডকাইতটোৱে বহু বছৰৰ মূৰত ডিৰাকস্থিত শহুৰেকৰ ঘৰলৈ আহিছিল। এই বিষয়ে গোপন সুত্ৰে জানিব পাৰি সেনাই ডকাইটোক আটক কৰিবলৈ সক্ষম হয়। ইফালে কাকপথাৰ আৰক্ষীয়ে সদৰী কৰা মতে শদিয়াৰ বিভিন্ন ঠাইত কেইবাটাও ডকাইতি কাণ্ডত অভিযুক্ত ডকাইতটোৰ বিৰুদ্ধে শদিয়াৰ চেংচাপ আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু হৈ আছে। সেইমৰ্মে ধৃত ডকাইতটোক সেনাই কাকপথাৰ থানাত চমজাই দিলেও আৰক্ষীয়ে পূৰ্বে গোচৰ ৰুজু হৈ থকা শদিয়াৰ চেংচাপ আৰক্ষী থানালৈ জেৰাৰ বাবে লৈ যায়। উল্লেখ্য যে, ভাৰতীয় সেনা তথা আৰক্ষীয়ে ধৃত ডকাইতটো আলফা(স্বা)ৰ লিংকমেন বুলিও সন্দেহ প্রকাশ কৰিছে।
দ্বীপেন লহকৰ, কাকপথাৰ, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here