Sunday, December 4, 2022
HomeAssameseকাকপথাৰত সামূহিক বিবাহ অনুষ্ঠান সম্পন্ন, ২২০জোৰা দম্পতীৰ আনুষ্ঠানিক সামাজিক বিবাহ

কাকপথাৰত সামূহিক বিবাহ অনুষ্ঠান সম্পন্ন, ২২০জোৰা দম্পতীৰ আনুষ্ঠানিক সামাজিক বিবাহ

কাকপথাৰত সামূহিক বিবাহ অনুষ্ঠান সম্পন্ন, ২২০জোৰা দম্পতীৰ আনুষ্ঠানিক সামাজিক বিবাহ

তিনিচুকীয়া জিলাৰ কাকপথাৰত অনুষ্ঠিত হৈ যায় এক সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠান ।

The hunch foundation আৰু তিনিচুকীয়া জিলা বিবাহ সংস্কাৰ সমিতিৰ সহযোগত আজি কাকপথাৰ জ্যোতিৰ্ময় উচ্চ ইংৰাজী বিদ্যালয় খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা বিবাহ অনুষ্ঠানত বৃহত্তৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২২০জোৰা দম্পতীয়ে অংশগ্ৰহণ কৰে ।

আৰ্থিক কাৰণত, সমাজৰ বিভিন্ন অসুবিধাৰ হেতুকে সামাজিক ভাবে বিবাহ পাশত আৱদ্ধ হ’বলৈ সক্ষম নোহোৱা চাহ জনগোষ্ঠী, চুতীয়া, কলিতা, সোনোৱাল কছাৰী ইত্যাদি জনগোষ্ঠী সমূহৰ দম্পতী সকলক হোম যজ্ঞ বা নিজ নিজ নিয়মেৰে পুৰোহিত, ভকত বৈষ্ণৱে বিবাহ কাৰ্য সম্পন্ন কৰে ।

কাকপথাৰত সামূহিক বিবাহ অনুষ্ঠান সম্পন্ন, ২২০জোৰা দম্পতীৰ আনুষ্ঠানিক সামাজিক বিবাহ

সমান্তৰালভাবে অনুষ্ঠিত হোৱা মুকলি সভাত কাকপথাৰ অঞ্চলৰ সত্ৰাধিকাৰ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ববীয়া, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকতা, The hunch foundation, বিবাহ সংস্কাৰ সমিতিৰ কৰ্মকতা উপস্থিত থাকে ।

এখন বিবাহৰ বাবে দৰকাৰী সকলো সামগ্ৰী The hunch foundationতৰফৰ পৰা যোগান ধৰা সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠানটোত বৃহত্তৰ কাকপথাৰ অঞ্চলৰ সহস্ৰাধীক ৰাইজে অংশগ্ৰহণ কৰে ।

সমগ্ৰ ৰাজ্যখনত ৫হাজাৰ দম্পত্তিক এনে বিবাহ কৰোৱাৰ ব্যৱস্থা হাতত লোৱা বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments